এডাল গছে জনালে ১৪ হাজাৰবছৰ আগতে সূৰ্যক কি ঘটিছিল

0
307

১৪ হাজাৰ বছৰ আগতে সূৰ্যত কি হৈছিল, সেই কথা জনালে এডাল গছে৷ যাৰ পৰা বিজ্ঞানীয়ে অন বহু ঘটনাৰ কথাও জানিব পাৰিছে৷ সূৰ্যত কি ঘটে বা বৰ্তমান ঘটি আছে, সেই কথাটো এডাল গছৰ পক্ষে জনাটো সম্ভৱপৰ কৰি তুলিছে বিজ্ঞানীৰ গৱেষণাৰ জৰিয়তে৷ অৱশ্যে ১৪ বছৰ আগত এই গছজোপা বৰ্তমান সময়ত জীয়াই থকা নাই যদিও বিজ্ঞানীয়ে ইয়াৰ গুৰিৰ পৰা এই কথা জানিবলৈ সক্ষম হৈছে৷ যি গুৰি অৰ্ধঅংশ জীৱাশ্মত পৰিণত হৈছে৷ ফ্ৰেন্স আল্পছৰ দক্ষিণ দিশেৰে বৈ যোৱা ড্ৰজেট নদীৰ পাৰত ফ্ৰান্স, চেক গণৰাজ্য আৰু ইংলেণ্ডৰ গৱেষকৰ এটা যৌথ দলে গৱেষণা কৰি থকাৰ সময়ত এই গছডালৰ গুৰিৰ সন্ধান লাভ কৰে৷ গৱেষকে এই গছৰ গুৰিত ৰেডিঅ’কাৰ্বনৰ অতি ভয়ংকৰ এটা উজ্জ্বল চিহ্ন প্ৰত্যক্ষ কৰিছে৷ যি উজ্জ্বল চিহ্ন এই ১৪ হাজাৰ ৩০০ বথৰ ধৰি স্পষ্ট হৈ আছে৷ ইয়াৰ পৰা বিজ্ঞানীসকলে নিশ্চিত হৈ পৰে যে সেই সময়ত এটা দানৱীয় সৌৰ শিখা জোৰেৰে পৃথিৱীত পৰিছিল৷ সূৰ্যৰ এই সৌৰশিখাই পৃথিৱীত ভয়ংকৰভাৱে এতিয়াও প্ৰভাৱ পেলায়৷ তাৰ মাজতে সকলোতকৈ ডাঙৰ খুন্দাটো এই ১৪ হাজাৰ বছৰ পুৰণি গছডালত পৰিছিল৷ সেইটো এতিয়াও পৃথিৱীৰ ওপৰত প্ৰভাৱ পেলোৱা ডাঙৰ সৌৰ বলয়৷ যিয়ে পৃথিৱীৰ বায়ুমণ্ডলত সেই সময়ত অসংখ্য এনাজি কণাও এৰি দিছিল৷ এই গছৰ গুৰি কাটিলে তাৰ মাজত বহুতো ঘূৰণীয়া আকৃতিৰ দাগ দেখা যায়৷ এই দাগবোৰে গছডালৰ বয়স নিৰ্ধাৰণ কৰাৰ লগতে সেই সময়ত ইয়াৰ ওপৰত পৰা বিভিন্ন প্ৰভাৱৰ চিহ্নও বহন কৰে৷ এই ক্ষেত্ৰত এই গছডালৰ গুৰিত ইয়াৰ ওপৰত গোলকীয় দাগে ৰেডিঅ’কাৰ্বনৰ চিহ্ন স্পষ্ট ৰূপত পোৱা গৈছে৷ ইয়াৰ পৰা বিজ্ঞানীসকলে নিশ্চিত হয় যে ১৪ হাজাৰ ৩০০ বছৰৰ আগতে সৌৰশিখাই আছিল পৃথিৱীৰ ওপৰত আজিলৈ পৰা সকলোতকৈ ভয়ংকৰ সৌৰ শিখা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here