এটা সম্পূৰ্ণ আধ্যাত্মিক প্ৰক্ৰিয়া ‘সূৰ্য ক্ৰিয়া’ৰ উপকাৰিতা

0
22

সূৰ্য ক্ৰিয়া হ’ল অসাধাৰণ প্ৰাচীনত্বৰ এটি শক্তিশালী যোগৰ অনুশীলন, যিয়ে স্বাস্থ্য, সুস্থতা তথা সম্পূৰ্ণ অভ্যন্তৰীণ— সুস্থতাৰ কাৰণে এক সামগ্ৰিক প্ৰক্ৰিয়া হিচাপে গণ্য কৰা হয়৷ সূৰ্য মানে সূৰ্য তথা ক্ৰিয়া মানে অভ্যন্তৰীণ শক্তি প্ৰক্ৰিয়া৷ সূৰ্য ক্ৰিয়া পদ্ধতিয়ে সৌৰ তাপ বঢ়াত সৌৰ প্লেক্সাছক সক্ৰিয় কৰে৷ প্ৰতিজন ব্যক্তিয়েই বাওঁ বা সোঁ শক্তি চালনাৰে শৰীৰৰ ভাৰসাম্য বজাই ৰাখে, যি শৰীৰৰ স্থিতিশীলতা তথা মনৰ স্থিৰতাৰ দিশক পৰিচালিত কৰে৷ এই মজবুত ভিত্তিতেই জীৱনৰ উচ্ছতৰ মাত্ৰা অন্বেষণৰ ভিত্তি গঢ়ি উঠে৷ সূৰ্য ক্ৰিয়া নিজেই এক আধ্যাত্মিক প্ৰক্ৰিয়া৷ ইয়াৰ দ্বাৰা বিভিন্ন উপায়েৰে এজন লোকৰ জীৱন সমৃদ্ধ কৰিব পাৰে৷
সূৰ্য ক্ৰিয়াৰ কৰাৰ ফলত মানসিক স্বচ্ছতা বিকশিত হয়৷ দুৰ্বল শৰীৰৰ প্ৰতিকাৰ স্বৰূপে সূৰ্য ক্ৰিয়া কৰা অতিকে আৱশ্যক৷ মানুহৰ প্ৰাণশক্তি বঢ়ায় এই সূৰ্য ক্ৰিয়াই৷ শৰীৰৰ হৰমনৰ মাত্ৰাৰ ভাৰসাম্য ঠিকে ৰাখে সূৰ্য ক্ৰিয়াৰ জৰিয়তে৷ কিদৰে কৰিব এই সূৰ্য ক্ৰিয়া৷ পুৱা সূৰ্য উদয় হোৱাৰ লগে লগে এক মুকলি ঠাইত বহি লওক৷ এতিয়া এখন ভৰি আগুৱাই দি আনখন ভৰি পিছফালে দীঘলকৈ মেলি দিয়ক৷ হাত দুখন আগলৈ দিয়া ভৰিখনৰ কাষত মাটিত পাতি দিয়ক৷ এতিয়া আগৰ ভৰিখনৰ আঁঠটো বুকুত লগাই মূৰটো চকু দুটি মুদি ওপৰমুৱাকৈ কৰক৷ কিছু সময়ত এইদৰে ৰৈ পাছত একেদৰে আনখন ভৰিও আগৰ দৰে কৰি বিপৰীত দিশে কৰক৷ এইদৰে চাৰিবাৰ কৰিবলৈ যত্ন কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here