কেলিফৰ্নিয়াৰ এটা সৰু নিগনিয়ে বিশ্বৰ ভিতৰতে আটাইতকৈ বেছিদিন জীয়াই থকাৰ স্বীকৃতি লাভ কৰিছে৷ ষ্টাৰ ট্ৰেকৰ অভিনেতা পেট্ৰিক ষ্টিবাৰ্টৰ নাম অনুসৰি এই নিগনিটোৰ নাম ৰখা হৈছে৷ পেট অৰ্থাৎ এই নিগনিটোৱে অলপতে মানুহৰ তত্ত্বাৱধানত থকা বিশ্বৰ আটাইতকৈ বেছি বয়সিয়াল জীৱিত নিগনিৰূপে গীনিজ বুক অব ৱল্ডৰ্ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়৷ গীনিজ বুকে স্বীকৃতি দিয়া এই নিগনিটোৰ বয়স হৈছে ন বছৰ ২০৯ দিন আৰু সেইদিনাই এই নিগনিটোক গীনিজ বুকৰ ফালৰ পৰা প্ৰমাণ-পত্ৰ দিয়া হয়৷ ছেন ডিয়েগো জু ৱাইল্ডলাইফ এলায়েন্সে এই কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে পেটৰ জন্ম হৈছিল ২০১৩ চনৰ ১৪ জুলাইত ছেন ডিয়েগো জু ছাফাৰি পাৰ্কত৷ এই নিগনিটোৰ ওজন প্ৰায় তিনি পেনি৷ উত্তৰ আমেৰিকাত পোৱা ইয়েই হ’ল আটাইতকৈ সৰু প্ৰজাতিৰ নিগনি৷ এইবিধ প্ৰজাতিৰ নিগনি দক্ষিণ লছ এঞ্জেলছৰ পৰা তিজুৱানা উপত্যকালৈকে পোৱা যায়৷