গ্ৰীষ্মকালৰ আৰম্ভণি হ’ল মানে মহৰ উপদ্ৰৱো বাঢ়িবলৈ লাগিব৷ আৰু কেইদিনমান যোৱাৰ পাছত আপুনি মহৰ ভয়ত ক’তো এক ছেকেণ্ডো ৰ’ব নোৱাৰিব৷ আনহাতে মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ বজাৰত পোৱা কয়ল, ধূপ, তেল আদি ব্যৱহাৰ কৰিলেও ইয়াৰ ম্যাদ শেষ হোৱাৰ পাছত সেই একেই পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ বজাৰৰ পৰা কিনি অনা কয়ল আদিৰে মহ খেদিব নোৱাৰিলে যদি আপুনি এটকাও খবৰ নকৰাকৈ পাকঘৰতে পোৱা সমাগ্ৰীৰে মহ খেদাব ব্যৱস্থা হাতত লওক৷ পাকধৰত পোৱা এই দুবিধ সামগ্ৰীৰে মহৰ উৎপাতৰ পৰা পৰিত্ৰাণ পাওক৷ সৰিয়হৰ তেল আৰু আজোৱাইনৰ তেল মিহলি কৰি গা লগালে কাষৰ পৰা নিমিষতে মহ দূৰ হ’ব৷ কিয়নো এই সংমিশ্ৰিত দুই উপাদানৰ তীব্ৰ উৎকট গোন্ধ মহে সহ্য কৰিব নোৱাৰে বাবে আপোনাৰ কাষ নাচাপে৷