প্ৰস্ৰাৱ কৰাটো আমাৰ এক শাৰীৰিক প্ৰক্ৰিয়া৷ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ অভ্যন্তৰৰ বৰ্জ্য পদাৰ্থ বাহিৰ হৈ শৰীৰ টক্সিনমুক্ত হৈ থাকে৷ আনহাতে এই গোটেই প্ৰক্ৰিয়াটো কিডনীয়ে সম্পন্ন কৰে৷ সেয়ে শৰীৰক টক্সিনমুক্ত কৰি ৰাখিবলৈ কিডনী সুস্থ কৰি ৰখা অত্যন্ত প্ৰয়োজনীয়৷ এতিয়া মূল প্ৰশ্নটো হ’ল যে এজন সুস্থ মানুহে দিনটোত কিমানবাৰ পেচাব কৰাটো উচিত৷ অৰ্থাৎ কিডনীৰ সূস্বাস্থ্য ভালে ৰাখিবলৈ দিনটোৰ ভিতৰত কিমানবাৰ প্ৰস্ৰাৱ হোৱা ভাল৷ ইয়াৰ অন্যথা আপুনি কিডনীজনিত ৰোগত আক্ৰান্ত হ’ব পাৰে৷ এটা কথা উল্লেখ কৰা ভাল যে বেছিভাগ মানুহৰ ক্ষেত্ৰতে হাইজিন অৰ্থাৎ পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ চিন্তিত হয়৷ তেমেন লোকে বাহিৰলৈ ওলালে বা কোনো দূৰৱৰ্তী যাত্ৰা কৰাৰ সময়ত হাইজিনৰ কাৰণে লেটেৰা ইউৰিনেলত প্ৰস্ৰাৱ নকৰি বহু সময় ধৰি পেচাব ধৰি ৰাখে৷ এনে অভ্যাস কিন্তু শৰীৰৰ কাৰণে অতি গুৰুতৰ৷ বহু সময় ধৰি প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত শৰীৰৰ বাবে বিপজ্জনক হ’ব পাৰে৷ শৰীৰত বিভিন্ন জটিল ৰোগে দেখা দিব পাৰে৷ সেয়ে জনাটো উচিত যে এজন সুস্থ মানুহে দিনটোত কিমানবাৰ টয়লেটলৈ যাব৷ চিকিৎসকে জনোৱা মতে এজন সুস্থ লোকে দিনটোৰ ভিতৰত ৬-৭ টয়লেটলৈ যাব লাগে৷ অৱশ্যে কিছুমানৰ ক্ষেত্ৰত দহবাৰ প্ৰস্ৰাৱ হ’লেও ইয়াক নৰ্মেল বুলিয়েই ধৰা হয়৷ কিন্তু ইয়াতকৈ বেছি পৰিমাণে প্ৰস্ৰাৱ কৰিলে সেয়া কোনো শাৰীৰিক অসুবিধাকে সূচায়৷ অৱশ্যে যিসকল মহিলা অন্তঃসত্ত্বা তেওঁলোকৰ ক্ষেত্ৰত এই পৰিমাণ বৃদ্ধি হ’ব পাৰে৷