এক্সপায়াৰী ডেট আৰু বেষ্ট বিফৰ ডেটৰ মাজত পাৰ্থক্য কি ?

0
203

পেকেট কৰা খাদ্য সামগ্ৰী, ঔষধ, প্ৰসাধন সামগ্ৰী আদি সামগ্ৰীৰে গাত এখন লেবেল লগোৱা থাকে৷ তাত সামগ্ৰীবিধত কি কি উপাদান থাকে অথবা বেষ্ট বিফৰ বা এক্সপায়াৰী তাৰিখ লিখা থাকে৷ আমি প্ৰায়ভাগ লোকে এই কথাবোৰলৈ মন নকৰে বা ইয়াৰ বিষয়ে অজ্ঞতাৰ কাৰণে মন নিদিওঁ যদিও মনত ৰখা ভাল যে যিকোনো পেকেজিং সামগ্ৰী কিনাৰ সময়ত পেকেটৰ গাত লিখা থকা এই কথাবোৰ চাইহে ক্ৰয় কৰা উচিত৷ বেছিভাগ ক্ষেত্ৰতে খাদ্য সামগ্ৰীৰ পেকেটবোৰত বেষ্ট বিফৰ পাৰ হৈ যোৱাৰ পাছতো পেলাই দিয়া নহয়৷ কিন্তু সেয়া অনুচিত৷ সামগ্ৰীৰ বেষ্ট বিফৰ পাৰ হোৱাৰ পাছতে ডাষ্টবিনত পেলাই দিয়া দৰকাৰ৷ আনহাতে কেতিয়াবা ভাবি চাইছেনে যে বেষ্ট বিফৰ তথা এক্সপায়াৰী ডেটৰ মাজত কিবা পাৰ্থক্য আছে নেকি? সেই সম্পৰ্কে অলপ জানো আহক৷
বেষ্ট বিফৰ মানে খাদ্য সামগ্ৰী বা আন পেকেজিং সামগ্ৰীৰ গুণমান, স্বাদ বা ইয়াৰ শিথিলতা, মচমচ ভাব এটা নিৰ্ধাৰিত তাৰিখলৈ থাকে, তাৰ পাছত এইবোৰ ক্ৰমে মানদণ্ড হ্ৰাস পায়৷ আনহাতে এক্সপায়াৰী ডেট মানে কোনো এটা বস্তুৰ ম্যাদ শেষ হোৱা তাৰিখ৷ এই তাৰিখৰ পাছত খাদ্যবস্তুৱে হওক বা আন পেকেজিং সামগ্ৰীৰ ক্ষেত্ৰতে হওক, তাক ব্যৱহাৰ কৰাটো স্বাস্থ্যসন্মত বা নিৰাপদ নহয়৷ যেতিয়া পেকেটজাত খাদ্য কিনাৰ বা ব্যৱহাৰ কৰাৰ কথা আহে, তেতিয়াই এই খাদ্যত কিধৰণৰ উপাদানেৰে তৈয়াৰী সেই কথাটো জনা প্ৰয়োজন৷ সেয়ে পেকেটটো হাতত লৈয়ে ইয়াত থকা লেবেলখন পঢ়ি চোৱা উচিত৷ অকল এয়াই নহয়, লক্ষ্য ৰখা উচিত এটা নিৰ্দিষ্ট তাৰিখৰ পাছত সেইবোৰ ব্যৱহাৰ কৰা নিৰাপদ কিমান৷ কিছুমান খাদ্যত নিৰ্দিষ্ট সময়ত পাছত বেক্টেৰিয়া, ভেঁকুৰ আদি বৃদ্ধিৰ প্ৰৱণতা বাঢ়ি যায়৷ আৰু ইয়াৰ ম্যাদ শেষ হোৱাৰ তাৰিখ ব্যক্তিজনে বুজাত সহায়ক হয় আৰু তেনে সামগ্ৰী ব্যৱহাৰ অনুপযোগী হৈ উঠে৷ সেয়ে পেকেজিং খাদ্য কিনাৰ আগতে ইয়াৰ উৎপাদনৰ তাৰিখ, বেষ্ট বিফৰ ইউজ তথা ম্যাদ ওকলা তাৰিখ চাইহে কিনা উচিত৷ উৎপাদনৰ তাৰিখ উৎপাদন তথা পেকেজিঙৰ তাৰিখক বুজায়৷ বেষ্ট বিফৰ তাৰিখে নিৰ্দেশ কৰে খাদ্য সামগ্ৰীবিধ কি নিৰ্দিষ্ট তাৰিখলৈকে খোৱাৰ উপযোগী হৈ থাকে৷ যদিও কিছুমান খাদ্য তাৰিখ পাৰ হৈ যোৱাৰ পাছতো খাদ্যপ উপযোগী হৈ থাকে৷ আনহাতে এক্সপায়াৰী তাৰিখ বা ম্যাদ শেষ হোৱাৰ তাৰিখটো নিৰ্দেশ কৰে যে এই নিৰ্দিষ্ট তাৰিখৰ পাছত সেই খাদ্য খোৱাটো একেবাৰে উচিত নহয়৷ যদিও বেষ্ট বিফৰ তাৰিখৰ ক্ষেত্ৰত সময়সীমা পাৰ হৈ যোৱাৰ পাছতো খাদ্য খোৱা হয়, কিন্তু ম্যাদ ওকলা তাৰিখৰ পাছত সেই খাদ্য খালে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে বা পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰি বিপদ ঘটাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here