একো কামতে মন বহুৱাব পৰা নাই : শীৰ্ষাসন কৰক

0
17

কেতিয়াবা আপোনাৰো এনেকুৱা নহয়নে বাৰু যে কোনো কমাতে সঠিকভাৱে মন বহুৱাব পৰা নাই৷ মনটো কিবা অশান্তিত আছে, মনটো সুস্থিৰ নাথাকি কিবা উল্টা-পুল্টা চিন্তাত মগ্ন হৈ আছে৷ দৈনন্দিন কৰিবলগীয়া গুৰত্বপূৰ্ণ কিবা কাম হাত দিলেও মনটো ঠিকমতে কামত ব্যস্ত কৰিব পৰা নাই৷ যাৰ ফলত আপোনাৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে৷ মনৰ অশান্তি, উদ্বিগ্নতা তথা মানসিক ষ্ট্ৰেচ কমাবলৈ আমি যোগাসন আশ্ৰয় ল’ব পাৰে৷ সাংঘাতিক মানসিক চাপ থাকিলে অথবা ঘৰুৱা, অফিচৰ কামত মন বহুৱাব নোৱাৰিলে যোগাসন কৰাৰ অভ্যাস কৰক৷ কামত একাগ্ৰতা আগ্ৰহ আৰু সুসংগঠিতভাৱে কাম সম্পাদনত যোগাসন ভূমিকা অপৰিহাৰ্য৷ যোগে আপোনাৰ কামৰ প্ৰতি আগ্ৰহান্বিত কৰি যিকোনো কাম সুচাৰুৰূপে কৰাত সহায় কৰে৷ অৰ্থাৎ আপোনাৰ মানসিক স্থিতি তথা মানসিক স্বাস্থ্য সুদৃঢ় কৰে যোগাসনে৷ মানসিক স্বাস্থ্য উন্নত কৰিবলৈ নিয়মিতভাৱে শৰ্ষাসন কৰিব পাৰে৷ নিয়মিত শীৰ্ষাসন কৰাৰ অভ্যাস কৰিলে মানসিক চিন্তা, অৱসাদ দূৰ হয়৷ আনহাতে এই আসন নিয়মিত কৰিলে মনোযোগ তথা স্মৃতিশক্তি বৃদ্ধি হয়৷ অনিদ্ৰাৰ সমস্যা থাকিলে এই আসন কৰিলে সুফল পোৱা যায়৷ হজমৰ সমস্যাত যিসকলে ভুগি আছে, তেওঁলোকে শীৰ্ষাসন কৰিলে নিৰাময় পাব পাৰে৷ ইয়াৰ লগতে পিটুইটাৰি গ্ৰন্থিৰ কাৰ্যকাৰিতা বৃদ্ধি কৰিবলৈ এই আসন কৰিব পাৰে৷
কিদৰে কৰিব শীৰ্ষাসন ঃ- এই আসনৰ প্ৰথম ঢাপ হিচাপে প্ৰথমতে মাটিত বহি লওক৷ তাৰ পাছত দুই ভৰি পিছফালে মূৰৰ ওপৰলৈ ভাঁজ কৰি উঠাই দি কান্ধৰ ওপৰত ৰাখক৷ তাৰ পাছত হাত দুখন প্ৰণাম কৰাৰ ভংগীত বুকুৰ সোমাজত ৰাখক৷ শ্বাস-প্ৰশ্বাস স্বাভাৱিক লওক৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷ এই আসনৰ দ্বিতীয় ঢাপ হিচাপে মূৰটো মাটিত ভালদৰে গুঁজি লৈ ভৰি দুখন লাহে লাহে একেবাৰে ওপৰলৈ দাঙি ধৰক৷ এইদৰে কৰাৰ ফলত শৰীৰৰ সমস্ত ভাৰ মূৰটোৱে ল’ব আৰু শৰীৰৰ বাকী অংশ ওপৰত থাকিব৷ এনে সময়ত শৰীৰৰ ভাৰসাম্য ধৰিবলৈ হাত দুখনো মূৰৰ দুয়োকাষে থৈ বেলেঞ্চ নিয়ন্ত্ৰণ কৰক৷ এইদৰে কিছু সময় ৰৈ পাছত লাহে লাহে ভৰি তললৈ নমাই আনি মাটিত বহি লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here