Daily newsFitness PlusHealth NaturallyHealth Talksএকেবাৰে নিৰ্মূল হ’ব পাৰ্কিনশ্যন! স্নায়ুৰ ৰোগৰ নতুন আশাৰ পোহৰBy Health Plus - July 25, 202506Facebook Twitter Pinterest WhatsApp বয়স বৃদ্ধিৰ লগে লগে যিবোৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, তাৰ ভিতৰত পাৰ্কিনশ্যন অন্যতম৷ বিশ্বব্যাপী লাখ লাখ মানুহ পাৰ্কিনশ্যনত আক্ৰান্ত হয়৷ মূলতঃ গতিশীলতা, মস্তিষ্কৰ কাৰ্যকাৰিতা তথা জীৱনৰ সামগ্ৰিক মানক প্ৰভাৱিত কৰিব পাৰে এই জটিল ৰোগে৷ সম্প্ৰতি এই ৰোগৰ নিৰ্মূলৰ নতুন আশাৰ পোহৰ দেখিছে জাপানৰ এদল চিকিৎসকে৷ উল্লেখ্য যে পাৰ্কিনশ্যন ৰোগৰ লক্ষণ ইমানেই সূক্ষ্ম যে প্ৰাথমিক পৰ্যায়ত ইয়াক ধৰা নপৰে৷ ৰোগ ধৰা পৰালৈকে এই ৰোগৰ তীব্ৰতা বৃদ্ধি পায়৷ এই ক্ষেত্ৰত লেবত তৈয়াৰী মস্তিষ্কৰ কোষ ৰোগীৰ শৰীৰত প্ৰতিস্থাপন কৰি পাৰ্কিনশ্যন ৰোগৰ চিকিৎসাত সাফল্য পোৱা গৈছে৷ জাপানৰ নতুন ষ্টেম চেল চিকিৎসা পদ্ধতিত কোনো পাশ্বৰ্ক্ৰিয়া অবিহনে মগজুৰ কাৰ্যকাৰিতা পুৰ ৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এক যুগান্তকাৰী ক্লিনিকেল ট্ৰায়ালৰ জৰিয়তে জাপানী বিজ্ঞানীয়ে পৰিাৰ্কনশ্যন ৰোগীৰ মাজত লেব প্ৰস্তুত কৰি ডোপামিন উৎপাদনকাৰী নিউৰন সফলভাৱে স্থাপন কৰিছে৷ যি এইপৰ্যন্ত মানৱ স্নায়ুবিজ্ঞানত প্লুৰিপোটেণ্ট ষ্টেম [আই পি এছ] কোষৰ সকলোতকৈ উন্নত ব্যৱহাৰ বুলি ক’ব পাৰি৷ উক্ত পদ্ধতিটোৰ প্ৰয়োগৰ কৰি প্ৰাথমিকভাৱে সুফল পোৱা গৈছে৷ কিয়োটা বিশ্ববিদ্যালয় আৰু সুমিতোনো ফাৰ্মাৰ সহায়ত এই পদ্ধতিটো ব্যৱহাৰ কৰা হৈছে৷ বিজ্ঞানীয়ে দাবী কৰিছে যে কেৱল পাৰ্কিনশ্যনেই নহয়, অন্যান্য নিউৰোডিডেনাৰেটিভ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো বিপ্লৱৰ সূচনা কৰিব৷