এই মাছ খোৱাৰ অভ্যাস কৰক প্ৰাকৃতিকভাৱে বাঢ়িব কোলাজেন

0
10

আমাৰ শৰীৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান হ’hল কোলাজেন৷ হাড়, পেশী, ছাল এই সকলোবোৰৰ সুৰক্ষাত এই উপাদানৰ বিশেষ ভূমিকা থাকে৷ ছালখনত বলিৰেখাৰ দূৰ কৰা আৰু ছালৰ উজ্জ্বলতা তথা সজীৱতা ধৰি ৰাখিবলৈ কোলাজেনে মুখ্য ভূমিকা গ্ৰহণ কৰে৷ আমাৰ খাদ্য তালিকাত এনে কিছুমান খাদ্য আছে, যিবোৰে কোলাজেনৰ উৎপাদন বঢ়াব পাৰে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল সামুদ্ৰিক মাছ৷ এই মাছত সকলোতকৈ বেছি কোলাজেন পোৱা যায়৷ আনহাতে মাছ হ’ল কোলাজেনৰ এটা অন্যতম উৎস৷ সেয়ে শৰীৰত কোলাজেন বৃদ্ধিৰ বাবে খাদ্য তালিকাত নিয়মিতভাৱে মাছ অন্তৰ্ভুক্ত কৰা প্ৰয়োজন৷ ইয়াৰ ভিতৰত সামুদ্ৰিক মাছ চাৰ্ডিন আৰু চামনত যথেষ্ট পৰিমাণে কোলাজেন পোৱা যায়৷ চাৰ্ডিন মাছ কোলাজেনৰ এটা চমৎকাৰ উৎস৷ ইয়াত কোলাজেনৰ উপৰি ওমেগা থ্ৰি ফেটি এচিড পোৱা যায়, যি শৰীৰৰ বাবে অত্যন্ত লাগতিয়াল৷ আনহাতে বাকলিসহিতে ছামন মাছ খালে অধিক মাত্ৰাত কোলাজেন পোৱা যায়৷ এমিন’ এচিড কোলাজেন উৎপাদনৰ অন্যতম গুৰুত্বপূৰ্ণ এটা উপাদান৷ মাছ, মাংস, কণী, বিভিন্ন ধৰণৰ বাদাম এমিন’ এচিডৰ ভাণ্ডাৰ৷ ইয়াৰ উপৰি টফু, চিজ, গাখীৰ আদি খালেও শৰীৰত এমিন’ এচিডৰ মাত্ৰা বৃদ্ধি হয়৷ যাৰ ফলত কোলাজেনৰ মাত্ৰা বৃদ্ধি পায়৷ সেয়ে এইধৰণৰ খাদ্য নিয়মিতভাৱে খোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here