এই পুষ্টিকৰ খাদ্য বিশ্বৰ চাৰিভাগৰ এভাগ উৎপাদন হয় ভাৰতত

0
21


আমি জানো গাখীৰ হ’ল এবিধ পুষ্টিগুণ সমৃদ্ধ খাদ্য সামগ্ৰী৷ গাখীৰে শৰীৰৰ পৰ্যাপ্ত প্ৰ’টিনৰ যোগান ধৰি শৰীৰ সুস্থ ৰখাত সহায় কৰে৷ পুষ্টিকৰ খাদ্য হিচাপে বিশ্বৰ সকলো দেশত গাখীৰৰ বহুল ব্যৱহাৰ আছে৷ আনহাতে ঘৰুৱাভাৱে ভাৰতত গাখীৰ উৎপাদন ক্ৰমাৎ বৃদ্ধি হৈছে৷ সমগ্ৰ বিশ্বৰে চাৰিভাগৰ এভাগ গাখীৰ অকল ভাৰততে উৎপাদন হয়৷ সমগ্ৰ বিশ্বৰ এদিনত এজন ব্যক্তিয়ে গড় হিচাপত ৩২২ গ্ৰাম গাখীৰ পায়৷ ইয়াৰ অৱশ্যে কম-বেছি আছে৷ ইয়াৰ বিপৰীতে ভাৰতৰ ক্ষেত্ৰত এদিনত এজন ব্যক্তিয়ে ৪৭১ গ্ৰাম গাখীৰ পাবলৈ সক্ষম হয়, যিটো গোটেই বিশ্বৰ ক্ষেত্ৰতে গড় হিচাপত যথেষ্ট বেছি৷ আনহাতে যোৱা দহ বছৰত গাখীৰ উৎপাদনত বিশ্বৰ ভিতৰতে দ্ৰুতগতিত আগবাঢ়িছে ভাৰত৷ বৰ্তমান সমগ্ৰ বিশ্বৰ ভিতৰতে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে ভাৰত৷ ২০১৪-১৫ চনত ভাৰতত বাৰ্ষিক ১৪৬.৩ মিলিয়ন টন গাখীৰ উৎপাদন হৈছিল৷ আনহাতে বিগত দহ বছৰৰ ভিতৰত ২০২৩-২৪ চনত ভাৰতত মুঠ ২৩৯.২ মিলিয়ন টন গাখীৰ উৎপাদন হৈছে৷ এই হিচাপ মতে অৰ্থাৎ ভাৰতত গাখীৰৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ৫.৭ শতাংশ৷ বিগত দহ বছৰত ভাৰতত গাখীৰ উৎপাদন ৪৮ শতাংশ বৃদ্ধি পাইছে৷ দুগ্ধ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী এছ পি সিং বাঘেলে এই লোকসভাত তথ্য সদৰী কৰে৷ তেওঁ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰত আগবঢ়া বুলি মন্তব্য কৰে৷ অৱশ্যে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম স্থান ১৯৯৮ চনৰ পৰা অব্যাহত আছে৷ বৰ্তমান সমগ্ৰ বিশ্বৰ ভিতৰত মুঠ ২৫ শতাংশ গাখীৰ ভাৰততে উৎপাদন হয় অৰ্থাৎ বিশ্বৰ এক চতুৰ্থাংশ গাখীৰ ভাৰতত উৎপাদন হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here