এই পাঁচবিধ বস্তুক আলুৰে চাফা কৰিব পাৰি

0
1600

পাচলিৰ ভিতৰত আলুক ৰজা বুলি কোৱা হয়৷ কাৰণ সকলো পাচলিৰ সৈতে আলু খাব পাৰি৷ সুষম পুষ্টিকৰ খাদ্যৰ ভিতৰত আলু অন্যতম৷ শৰীৰৰ শক্তি যোগান ধৰাৰ পৰা আৰম্ভ কৰি সৌন্দৰ্যচৰ্চালৈ আলু ব্যৱহাৰ কৰা হয়৷

কিন্তু আপুনি জানি আচৰিত হ’ব যে  আলুক কিছুমান চাফাই কামতো ব্যৱহাৰ কৰিব পাৰি-

(১) আপুনি যদি চছমা পিন্ধে, তেন্তে আপোনাৰ নিশ্চয় অভিজ্ঞতা আছে যে কুঁৱলীত চছ্‌মা পিন্ধা কিমান অশান্তিকৰ হয়৷ বিশেষকৈ মাস্ক পৰিধান কৰি চছমা পিন্ধাৰ সমান সমস্যা একো নাই৷ গতিকে ইয়াৰ পৰা ৰেহাই পাবলৈ এটা আলু কাটি চছমাৰ লেন্সত ঘঁহি দিয়ক৷ আলুত থকা কাৰ্বহাইড্ৰেটে গ্লাছযোৰক ধুঁৱলী-কুঁৱলী হ’বলৈ নিদিয়ে৷


(২) মামৰে ধৰা বাচন-বৰ্তন পৰিষ্কাৰ কৰা সহজ নহয়৷ কিন্তু আলুৰ দ্বাৰা আপুনি মামৰে ধৰা ছুৰী, কটাৰী আদি সহজতে পৰিষ্কাৰ কৰিব পাৰে৷ ইয়াৰ বাবে আলু এটা কাটি লৈ তাত বাচন ধোৱা চাবোন আৰু বেকিং ছ’ডা লগাই ছুৰীখন ভালকৈ মাজক৷ দেখিব ছুৰীখনত আগতকৈও ধাৰাল আৰু চিকচিকীয়া হৈছে৷


(৩) গিলাচ এটা যেতিয়া মজিয়াত পৰি ভাঙে, তাক চাফা কৰা কঠিন হয় আৰু কিছুমান আইনাৰ টুকুৰা ইমানেই সৰু হয় যে তাক খালী চকুৰে দেখা পোৱা নাযায়৷ এই ক্ষেত্ৰত পাকঘৰৰ আলু আপোনাৰ কামত আহিব পাৰে৷ আলু এটা কাটি আইনাৰ টুকুৰা পৰি থকা ঠাইত ঘঁহি দিয়ক৷ দেখিব আইনাৰ টুকুৰাবোৰ আলুৰ ভিতৰত লাগি আহিছে৷ অৱশ্যে সুৰক্ষাৰ বাবে হাত মোজা পৰিধান কৰা উচিত৷


(৪) ছিলভাৰ পলিচ কৰাত আলুৰ ভূমিকা উল্লেখনীয়৷ আলু এটা সিজাই তাৰ পানীখিনি চেকি লৈ ছিলভাৰটো পানীত কমেও এঘণ্টালৈ জুবুৰিয়াই দিয়ক৷ এঘণ্টাৰ পাছত ছিলভাৰটো উঠাই শুকাই লৈ এডাল ব্ৰাছেৰে মাজি দিয়ক৷ দেখিব ছিলভাৰটো আগতকৈও নতুন আৰু উজ্জ্বল হৈছে৷


(৫) কাপোৰত লগা সৰু দাগ বা খাদ্যৰ দাগ আদিত আলুৰ টুকুৰা এটাৰে ঘঁহি দিলে ই সহজতে ছাফা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here