Beauty PlusDiet PlusFitness PlusHealth NaturallyHealth Talksএই পাঁচবিধ খাদ্য মস্তিষ্কৰ বাবে বিষতুল্যBy Health Plus - May 26, 202507Facebook Twitter Pinterest WhatsApp আমি যি খাদ্য গ্ৰহণ কৰোঁ, তাৰ প্ৰভাৱ শৰীৰৰ ওপৰতে নহয়, মনৰ ওপৰতো পৰে৷ আজিকালি দ্ৰুত জীৱনত মানুহ চিন্তা নকৰাকৈয়ে ফাষ্টফুড, জাংক ফুড বা অসুৰক্ষিত বস্তুৰ প্ৰতি আকৰ্ষিত হয়৷ এইধৰণৰ খাদ্যবোৰে আমাৰ মস্তিষ্কৰ শক্তিক লাহে লাহে মন্থৰ কৰি দিয়ে তথা স্মৃতিশক্তিক দুৰ্বল কৰি দিব পাৰে৷ মানসিকভাৱে সুস্থ বা মগজুক মনোযোগী, শক্তিশালী কৰি ৰাখিবলৈ এইবোৰ খাদ্য বাদ দিয়া ভাল৷অতিৰিক্ত মিঠাজাতীয় খাদ্যই মস্তিষ্কৰ ক্ষতি কৰি অথবা স্মৃতিশক্তিৰ ওপৰত বেয়া প্ৰভাৱ পেলায়৷ অতিৰিক্ত চেনি খোৱাৰ ফলত মস্তিষ্কৰ ক্ষমতা কমি যাব পাৰে৷বাৰ্গাৰ, ফ্ৰেন্স ফ্ৰাই আদিত থকা ট্ৰান্স ফেটে মস্তিষ্কৰ কোষৰ ক্ষতি কৰে তথা মেজাৰৰ পৰিৱৰ্তন ঘটাব পাৰে৷বগা ৰুটী, বিস্কুট, পিজ্জ আৰু পাস্তাৰ দৰে পৰিশোধিত খাদ্যহত গ্লাইচেমিক সূচক অত্যধিক পৰিমাণে থাকে, যিয়ে মস্তিষ্কৰ স্বাস্থ্য বা মনোযোগ শক্তি কমাই দিয়ে৷ কোল্ড ড্ৰিংকছ বা পেকেটজাত শীতল পানীয়, জুচত উচ্চ ফ্ৰুক্টজ কৰ্ন ছিৰাপ থাকে৷ যিয়ে মস্তিষ্কত ডোপামিনৰ মাত্ৰা ভাৰসাম্যহীন কৰে আৰু মানসিক চাপ, ক্লান্তি আদি বঢ়াই দিব পাৰে৷সংৰক্ষিত মাংস বা প্ৰক্ৰিয়াজাত খাদ্যত উপস্থিত থকা ৰায়াসনিক পদাৰ্থই মস্তিষ্কৰ কাৰ্যকাৰিতা দুৰ্বল কৰি মানসিক ক্লান্তিৰ সৃষ্টি কৰিব পাৰে৷