এই পাঁচটা উপকাৰী গুণৰবাবে আতাফল খাব পাৰে

0
200


আপুনি বাৰু আতাফলৰ নাম শুনিছেনে বা দেখিছেনে? অথবা আতাফল খায় আপুনি ভাল পায় নেকি? ইয়াৰ উত্তৰত বহুতেই হয়তো ক’ব যে এই ফলবিধ কেতিয়াবা দেখিছে যদিও আতাফল খাই পোৱা নাই৷ সহজে ক’বলৈ গ’লে বহুতৰে আতাফলৰ লগত চিনাকি নাই৷ সচৰাচত নিয়মিতভাৱে আমি খাই থকা আম, কল, আপেল, বেদনা আদিৰ তুলনাত এইবিধ ফলত জনপ্ৰিয়তা তেনেই কম৷ পুষ্টিবিদে কোৱা মতে এইবিধ ফল কেৱল আইচক্ৰিমৰ ফ্লেভাৰ হিচাপেই উৎকৃষ্ট নহয়, ইয়াৰ আছে অসাধাৰণ গুণ৷ যি শুনিলে হয়তো আপুনিও চমকি উঠিব৷ এই অজানা ফলবিধ নানাবিধ পুষ্টিগুণেৰে সমৃদ্ধ৷ ইয়াত ভিটামিন-চি, এণ্টিঅক্সিডেণ্টৰ দৰে প্ৰয়োজনীয় উপাদান পোৱা যায়৷ কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা চকুৰ দৃষ্টিশক্তিলৈকে সকলো সমস্যা সমাধান কৰিব পাৰে এই আতাফলে৷ জানো আহক আতাফল উপকাৰিতাৰ বিষয়ে৷
দেহৰ অতিৰিক্ত কেলৰি বাৰ্ন নকৰিলে শৰীৰত জমা হয়৷ আনহাতে নিয়মিতভৱে শৰীৰচৰ্চা বা পৰিশ্ৰম কৰিলে কেলৰি জমা হোৱাৰ ভয় নাথাকে৷ কিন্তু এইবোৰ কৰিব নোৱাৰিলে কম কেলৰিযুক্ত খাদ্য খোৱাটো শৰীৰৰ বাবে প্ৰয়োজন৷ আতাফল হ’ল তেনে এবিধ ফল, যাৰ কেলৰিৰ পৰিমাণ যথেষ্ট কম থাকে৷ আনহাতে আতাফলত যিধৰণৰ শৰ্কৰা থাকে, সেই স্বাস্থ্যৰ পক্ষে ভাল৷
আতাফলত যিধৰণৰ ফাইবাৰ পোৱা যায়, সেই ফাইবাৰ সহজপাচ্য, যিয়ে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ ইয়াৰ উপলব্ধ ফাইবাৰৰ গুণৰ কাৰণে বহু সময় পেট ভৰ্তি অনুভৱ হৈ থাকে৷ সেয়ে সঘনাই খোৱাৰ প্ৰৱণতা কমি যায়৷
বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খনিজৰ সম্ভাৰ হ’ল আতাফল৷ এই ফলবিধত পটেচিয়াম, মেগনেচিয়াম আদিৰ দৰে গুৰুত্বপূৰ্ণ খনিজ পোৱা যায়৷ শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ লগতে উচ্ছ ৰক্তচাপ তথা কিডনীৰ সমস্যাৰ পৰা সকাহ দিব পাৰে এই আতাফলে৷
শৰীৰৰ ওজন হ্ৰাসৰ কাৰণে প্ৰথম তথা প্ৰধান চৰ্ত হ’ল বিপাকৰ হাৰ উন্নত কৰা৷ আতাফলত এছটোজেনিন নামৰ এবিধ উপাদান থাকে৷ বিভিন্ন গৱেষণাত দেখা গৈছে এই উপাদানটোৱে বিপাকৰ হাৰৰ মান বঢ়াই তোলাত সহায় কৰে৷ যাৰ প্ৰভাৱ কেলৰিৰ ওপৰত পৰে৷
ৰক্ত শৰ্কৰাৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰাত আতাই ‘ষ্টেবিলাইজাৰ’ হিচাপে কাম কৰে৷ ইয়াৰ উপৰি আতাৰ গ্লাইছেমিক ইনডেক্স যথেষ্ট কম৷ সেয়ে ডায়েবেটিছ ৰোগীয়ে এই ফল খালে যথেষ্ট উপকাৰ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here