এই তিনি খাদ্য বাদ নিদিলেকম বয়সতে বুঢ়া দেখিব

0
165


ছালখন ভালে ৰাখিবলৈ সকলোতকৈ আগতে কি কৰা প্ৰয়োজন জানেনে? আটাইতকৈ প্ৰয়োজনীয়টোৱে হ’ল নিজৰ প্ৰতি যত্নশীল হোৱা৷ ইয়াৰ বাবে নিজৰ জীৱন যাপনৰ দিশত বিশেষভাৱে মনোযোগ দিব লাগে৷ অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত শৰীৰৰ বেয়া প্ৰভাৱ পৰাৰ উপৰি বিভিন্ন ৰোগৰ ভয় বাঢ়ি যায়৷ ইয়াৰ প্ৰতিফলন ছালখনৰ ওপৰতো পৰে৷ এনে কিছুমান খাদ্য আছে, যিবোৰ আপোনাৰ খাদ্য তালিকাৰ পৰা বাদ নিদিলে কম বয়সতে আপোনাৰ বুঢ়া যেন দেখা যাব, অৰ্থাৎ কম বয়সতে বাৰ্ধক্যই দেখা দিব পাৰে আপোনাৰ শৰীৰত৷ ভাৰতৰ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ অপৰাজিতা লাম্বাই ইয়াৰ বিস্তাৰিত আলোচনা এটা ইনষ্টাগ্ৰাম পোষ্টত উল্লেখ কৰিছে৷ ইয়াৰ বাবে স্বাস্থ্যকৰ তথা উজ্জ্বল ছাল পাবলৈ তেওঁ তিনিবিধ খাদ্য দৈনিক তালিকাৰ পৰা বাদ দিয়াৰ পৰামৰ্শ দিছে৷ জানো আহক সেই তিনিবিধ খাদ্য কি?
আপোনাৰ অত্যধিক ভজা-পোৰা জাতীয় খাদ্য খোৱাৰ অভ্যাস আছে নেকি? শৰীৰ তথা ছালৰ সুস্থতাৰ বাবে এইধৰণৰ খাদ্য খোৱা আজিয়েই বাদ দিয়ক৷ কিয়নো এইবোৰ খাদ্যত প্ৰচুৰ পৰিমাণে অস্বাস্থ্যকৰ ফেট থাকে, যিয়ে ছালৰ ভিতৰৰ প্ৰদাহ বঢ়াই দিয়ে৷ ইয়াৰ লগতে ছালৰ লোমকুপৰ ছিদ্ৰবোৰ বন্ধ কৰি দিব পাৰে৷ যাৰ ফলত ছালখনৰ ক্ষতি হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে৷ মুখত বলিৰেখাৰ সমস্যাই দেখা দিব পাৰে৷ কম বয়সতে বুঢ়াৰ লেখীয়া দেখিব এইধৰণৰ খাদ্য গ্ৰহণ কৰাৰ ফলত৷
ছালখন ভালে ৰাখিবলৈ পেকেটজাত ফল আৰু ফলৰ ৰস কমকৈ খোৱাৰ অভ্যাস কৰক৷ পেকেটজাত ফল তথা ফলৰ ৰসত প্ৰচুৰ পৰিমাণে চেনি মিহলোৱা হয়৷ আনহাতে এইধৰণৰ ফলত ফাইবাৰৰ পৰিমাণ যথেষ্ট কম থাকে৷ যাৰ বাবে এইবোৰ খোৱাৰ ফলত শৰীৰৰ ইনছুলিনৰ মাত্ৰা বাঢ়ি যাব পাৰে৷ ফলত ছালৰ ভিতৰত প্ৰদাহৰ সৃষ্টি হয়৷ ইয়াৰ বাবেই মুখত ব্ৰুনৰ সৃষ্টি হ’ব পাৰে৷ লগতে কোলাজেনৰ উৎপাদনতো বাধাৰ সৃষ্টি হ’ব পাৰে৷ শেষত ছালখন টানটান ভাৱৰ দৰে অনুভৱ হৈ বলিৰেখাই দেখা দিব পাৰে৷
ছালখন ভালে ৰাখিবলৈ কম পৰিমাণে চেনি খোৱাৰ অভ্যাস কৰক৷ বিশেষকৈ অকল চেনি খোৱাৰ অভ্যাস লগতে পৰিত্যাগ কৰক৷ ইয়াৰ লগতে কফি, চাহ, আন খাদ্যবস্তুৰ লগত অতিৰিক্ত চেনি লৈ নাখাব৷ এই অভ্যাসৰ ফলত ইয়াৰ কুপ্ৰভাৱ ছালখনৰ ওপৰত পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here