পৃথিৱীৰ চাৰিওদিশে বিভিন্ন জাতি-উপজাতিয়ে বসবাস কৰে৷ এই উপজাতিবোৰ আচাৰ-আচৰণ, খাদ্যাভ্যাস, জীৱন প্ৰণালী, বাসস্থানৰ ধৰণ আদি সকলো সুকীয়া সুকীয়া৷ এইধৰণৰ এটা উপজাতি হ’ল হিম্বা৷ এই উপজাতিটোৱে নামিবিয়াত বসতি স্থাপন কৰে৷ সাধাৰণতে যাযাবৰ উপজাতি বুলি ক’লে এই উপজাতিটোৰ কথা মনলৈ আহে৷ এই যাযাবৰ উপজাতিটোৰ সংখ্যা প্ৰায় ৫০ হাজাৰ৷ আজি এই উপজাতিটোৰ জীৱন যাত্ৰা তথা জীৱনশৈলীৰ বিষয়ে ক’বলৈ লোৱা হৈছে৷ এই উপজাতিটোৰ নিজস্ব ঘৰ বা বাসস্থান থাকিলেও বৃষ্টিপাত, বালিৰ ধুমুহা তথা পানীৰ অভাৱৰ কাৰণে তেওঁলোকৰ বাসস্থানৰ ঠাই স্থানান্তৰিত হৈ থাকে৷ এই সম্প্ৰদায়টোৱে মূলতঃ বাস কৰে মৰুভূমি অঞ্চলত৷ হিম্বা উপজাতিৰ মহিলাসকল অত্যন্ত পৰিশ্ৰমী৷ তেওঁলোকে পুৰুষসকলকৈ বহু বেছি কাম কৰিব পাৰে৷ তাৰ ভিতৰত পশুপালন, ৰন্ধা-বঢ়া কৰা, ঘৰ চলোৱা, শিশুৰ যতনে লোৱা তথা গৃহস্থালিৰ সকলো কামেই কৰে৷ হিম্বা মানুহৰ জীৱনধাৰা মূল নামিবিয়া সমাজৰ পৰা বিচ্ছিন্ন তথা অভিন্ন৷ উল্লেখ্য যে এই উপজাতিৰ মহিলাসকলে পৰ্যটকৰ সৈতে যৌনতাত লিপ্ত হয় আৰু এইটো হয় তেওঁলোকৰ স্বামীৰ সন্মতি সাপেক্ষে৷ যৌনতাৰ কাৰণে পুৰুষসকলে তেওঁলোকৰ স্ত্ৰীক পৰ্যটকৰ লগত যৌন সম্ভোগ কৰিবলৈ এৰি দিয়ে আৰু এইটো সৰ্বোকৃষ্ট আতিথেয়তা হিচাপে বিবেচনা কৰে৷ হিম্বা উপজাতিৰ স্ত্ৰীক সালসলনি কৰাৰ এটা প্ৰক্ৰিয়া বহু বছৰ ধৰি চলি আহিছে৷ ইয়াত পুৰুষসকলে তেওঁলোকৰ স্ত্ৰীগৰাকীক আন অচিনাকি পুৰুষৰ সৈতে ৰাত্ৰি যাপন কৰিবলৈ অনুমতি প্ৰদান কৰে৷ ইয়াত যৌনতাক লৈ কোনো লুকঢাক নাই৷ অকল এয়াই নহয়, হিম্বা উপজাতিৰ পুৰুষসকলৰ একাধিক তিৰোতা থকাটো এটা সাধাৰণ কথা৷ উল্লেখ্য যে যৌনতা তথা যৌনক্ৰিয়াক লৈ বিভিন্ন ৰাষ্ট্ৰত কঠোৰ আইন তথা নীতি নিয়ম থকাৰ মাজতে এইদৰে মুকলিভাৱে যৌনতাক প্ৰাধান্য দিয়া এই উপজাতিটোৰ কথা শুনিলে হয়তো আপুনিও আচৰিত নহৈ নোৱাৰে৷