Fitness PlusHealth NaturallyHealth Talksএইবোৰ সাধাৰণ লক্ষণ উপেক্ষা নকৰিব হ’ব পাৰে কিডনীৰ সংক্ৰমণBy Health Plus - August 1, 2025025Facebook Twitter Pinterest WhatsApp কিডনী শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগ৷ কিডনীয়ে শৰীৰৰ ফিল্টাৰ হিচাপে কাম কৰে৷ কিডনীয়ে সঠিকভাৱে কাম নকৰিলে শৰীৰৰ ভিতৰত টক্সিন জমা হ’বলৈ আৰম্ভ কৰে৷ টক্সিন জমা হোৱাৰ ফলত কিডনীৰ সংক্ৰমণ আৰম্ভ হয়৷ কিডনী সংক্ৰমণ হ’লে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে, যিবোৰ সাধাৰণ বুলি উপেক্ষা কৰা উচিত নহয়৷কিডনী সংক্ৰমণৰ কাৰণে ভৰি ফুলি যোৱাৰ সমস্যা হ’ব পাৰে৷ যদি কোনো কাৰণ অবিহনে ভৰি ফুলি উঠে, তেন্তে উপেক্ষা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷প্ৰস্ৰাৱৰ ৰক্তপাত কিডনীৰ সংক্ৰমণৰ আন এটা সাধাৰণ লক্ষণ৷ যদি প্ৰস্ৰাৱৰ সৈতে তেজ বা পূঁজ যায়, তেনেহ’লে পলম নকৰি এজন বিশেষজ্ঞ চিকিৎসকৰ কাষ চপাটো উচিত৷আনহাতে প্ৰস্ৰাৱৰ সময়ত প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, প্ৰস্ৰাৱৰ ৰং সলনি হোৱা আদিও কিডনী সংক্ৰমণৰ প্ৰাথমিক লক্ষণ৷ ইয়াক আওকাণ কৰা মুঠেও উচিত নহয়৷পেটৰ বিষো কিডনীৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে৷ যদি আপোনাৰ দীৰ্ঘদিন ধৰি পেট বিষাই আছে, তেনেহ’লে ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল৷পৰ্যাপ্ত পৰিমাণে টোপনি মৰাৰ পাছতো শৰীৰ দুৰ্বল অনুভৱ হোৱা, শৰীৰ ক্লান্ত, দুৰ্বল লগা, টোপনিৰ ভাব আহি থকা আদিও কিডনী সংক্ৰমণৰ প্ৰধান লক্ষণ৷পুৱাই শৰীৰটো ঠাণ্ডা অনুভৱ কৰাটোও কিডনীৰ সমস্যাৰ কাৰণ হ’ব পাৰে৷ গৰমকালি শৰীৰ ঠাণ্ডা লগাৰ কোনো কাৰণ নাথাকে৷ যদি পুৱাৰ সময়ত শৰীৰ ঠাণ্ডা লাগি থাকে তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লওক৷