এইবোৰ সমস্যাত গৰম পানীৰে গা ধোৱা উচিত || Warm bath helps in these problems

0
586

ঠাণ্ডাৰ দিনত গৰম পানী নহ’লে বহুতেই গা ধুবলৈ এলাহ কৰে৷ সেয়েহে প্ৰায় বেছিভাগ মানুহৰে ঠাণ্ডাৰ বতৰত গৰম পানী ব্যৱহাৰ কৰাৰ অভ্যাস আছে৷ পিছে বিশেষজ্ঞৰ মতে সঘনাই গৰম পানীৰে গা ধোৱাটো উচিত নহয়৷ কিন্তু কিছু কিছু ক্ষেত্ৰত ঠাণ্ডাৰ বতৰত শীতল পানীৰ পৰিৱৰ্তে গৰম পানীৰে গা ধুলে দেহৰ কিছু সমস্যা লাঘৱ হয়৷ যেনে–


(১) শীতৰ বতৰত প্ৰায়ে হোৱা এটা সমস্যা হৈছে চৰ্দি লাগি নাক বন্ধ হোৱা৷ এনে ক্ষেত্ৰত গৰম পানীৰে গা ধুলে নাক বন্ধ হোৱা সমস্যা দূৰ হয়৷


(২) দ্বিতীয়তে, ঋতুস্ৰাৱ চলি থকা দিনকেইটাত গৰম পানীৰে গা ধুলে পেটৰ বিষ, কঁকালৰ বিষ আদি সমস্যাৰ পৰা আৰাম পোৱা যায়৷


(৩) মাইগ্ৰেইনৰ সমস্যা থকা লোকসকলে গৰম পানীৰে গা ধুলে কিছু পৰিমাণে হ’লেও সকাহ পাব পাৰে৷ কিয়নো ঠাণ্ডাত ৰক্ত সঞ্চালনৰ গতি ধীৰ হয়, যাৰ বাবে মূৰৰ বিষ, মাইগ্ৰেইন আদিয়ে দেখা দিয়ে৷

Diluted Bleach in Bath Water Benefits: How to Do It Safely


(৪) একেদৰে বৃদ্ধ লোক বা অলপ বয়স বাঢ়ি অহা লোক, বাতবিষ থকা লোকসকলে সাধাৰণতে শীতত ঠাণ্ডা পানী পৰিহাৰ কৰি চলা উচিত৷


(৫) যদিও সঘনাই গৰম পানীৰ ব্যৱহাৰে আপোনাৰ ছালখন শুষ্ক আৰু খহটা কৰে, তথাপি ই আপোনাৰ ছালখনত লাগি থকা ধূলি-বালি আদি পৰিষ্কাৰ কৰাতো বিশেষ অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here