সকলো পুষ্টিৰ ভাৰসাম্য অটুট থাকিলেহে শৰীৰৰ সুস্থ তথা নিৰোগী হৈ থাকে৷ ইয়াৰ কাৰণে ভিটামিনৰ যিমান প্ৰয়োজন, সিমানেই প্ৰয়োজন খনিজ তথা আন আন উপাদানবোৰৰো৷ ইয়াৰ মাজৰ অন্যতম অপৰিহাৰ্য এবিধ খনিজ হ’ল পটেচিয়াম৷ শৰীৰত এইবিধ খনিজ অভাৱ হ’লেই শৰীৰৰ কিছু লক্ষণে জনাই দিয়ে সেই কথা৷
শৰীৰৰ কোষৰ মাজৰ তৰলৰ ভাৰসাম্য সঠিক কৰি ৰখাত পটেচিয়ামে সহায় কৰে৷ আৰু ইয়াৰ নাটনি হ’লেই পেশীৰ বিষ অনুভৱ হয়৷ পেশী টান মাৰি ধৰিবলৈ আৰম্ভ কৰে৷ সেয়ে এনেধৰণৰ অসুবিধা হ’লেই সাৱধান হোৱা দৰকাৰ৷
সকলো সময়তে ক্লান্তি সংগী হোৱা, যিকোনো সময়তে শৰীৰ ভাগৰ বা অৱশ লগা, কাম কৰিবলৈ মন নোযোৱা, অনৱৰতে টোপনি ভাব অহা, গাটো দুৰ্বল লগা আদি লক্ষণবোৰ হৈছে শৰীৰত পটেচিয়ামৰ অভাৱজনিত লক্ষণ৷ শৰীৰত পটেচিয়ামৰ পৰিমাণ কমি গ’লে এইধৰণৰ লক্ষণবোৰে দেখা দিয়ে৷ গতিকে এইবোৰ লক্ষণ দেখা দিলেই সাৱধান হওক৷
অকল গাৰ, হাত-ভৰিৰ বিষ হোৱাই নহয়, শৰীৰত পটেচিয়ামৰ মাত্ৰা কমি গ’লে সঘনাই গা খজুওৱা বা গুটি গুটি উঠা আদিও হ’ব পাৰে৷ সেয়ে এনে হ’লে অৱহেলা নকৰি চিকিৎসকৰ ওচৰ চলাই শ্ৰেয়৷
শৰীৰত পটেচিয়ামৰ নাটনি হ’লে ব্লাড ছুগাৰৰ পৰিমাণ বাঢ়িব পাৰে৷ ইয়াৰ কাৰণে হাৰ্টবিটো অমিয়মিত হ’ব পাৰে৷ আনকি বুকুৰ ঢপঢপনি বাঢ়ি যাব পাৰে ইয়াৰ অভাৱত৷
শৰীৰত পৰ্যাপ্ত পৰিমাণে পটেচিয়াম নাথাকিলে হজমৰ সমস্যাই দেখা দিব পাৰে৷ কোষ্ঠকাঠিন্যৰ দৰে সমস্যাই দেখা দিব পাৰে৷ গতিকে ইয়াৰ নিৰাময়ৰ বাবে ডায়েটত পটেচিয়ামৰ উৎস থকা খাদ্য অন্তৰ্ভুক্ত কৰা জৰুৰী৷
সঘনাই পিয়াহ লগা বা ঘন ঘন প্ৰস্ৰাৱ লগা আদি লক্ষণবোৰ পটেচিয়ামৰ অভাৱত হোৱা শাৰীৰিক লক্ষণ৷ এনে সমস্যা হ’লে পটেচিয়ামৰ লেভেল পৰীক্ষা কৰা খুবেই প্ৰয়োজন৷
শৰীৰত পটেচিয়ামৰ মাত্ৰা কমি গ’লে শ্বাস-প্ৰশ্বাসৰ সমস্যাই দেখা দিব পাৰে৷ শ্বাস লওঁতে কষ্ট হোৱাৰ দৰে হ’ব পাৰে৷
এইধৰণৰ সমস্যাই দেখা দিয়ে কল, কমলা টেঙা, পালেং শাক, মিঠা আলু, মাছ, বিলাহী আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক৷ লগতে এই সমস্যাবোৰ গুৰুতৰ নহ’বলৈ চিকিৎসকৰ কাষ চপাটো উচিত৷