এইবোৰ লক্ষণ লিভাৰ কেঞ্চাৰৰ কাৰণ হ’ব পাৰে

0
5

লিভাৰৰ বিভিন্ন অসুখৰ লগতে বৰ্তমান সময়ত লিভাৰ কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে৷ এই লিভাৰ কেঞ্চাৰ অত্যন্ত ভয়ংকৰ তথা প্ৰাণঘাতী ৰোগ৷ বিশেষজ্ঞৰ মতে লিভাৰ কেঞ্চাৰৰ কাৰণে মৃত্যু এটা উদ্বেগৰ বিষয় হিচাপে দেখা দিছে৷ চিকিৎসকে জনোৱা মতে লিভাৰ কেঞ্চাৰৰ বিভিন্ন কাৰণত হ’ব পাৰে৷ আনহাতে লিভাৰ কেঞ্চাৰৰ লক্ষণবোৰ এনেকুৱা ধৰণৰ, যিবোৰ প্ৰাথমিক পৰ্যায়ত ইয়াৰ লক্ষ°বোৰ স্পষ্ট নহয়৷ আগতীয়াকৈ একো ধৰিবই নোৱাৰে৷ অত্যধিক ধূমপান, মদ্যপান, স্থূলতা বা শৰীৰৰ ওজন অত্যধিক বৃদ্ধি পোৱা আদিবোৰ লিভাৰ কেঞ্চাৰৰ প্ৰধান কাৰণ হ’ব পাৰে৷ এইধৰণৰ অভ্যাসে লিভাৰ কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰে৷ আনহাতে ডায়েবেটিছৰ ভোগা লোকসকলে লিভাৰ কেঞ্চাৰত সহজে আক্ৰান্ত হ’ব পাৰে৷ পেট ফুলা, পেটৰ বিষ, বমি বমি ভাব অথবা ক্লান্তি, অনৱৰতে শৰীৰ ভাগৰুৱা লগা আদিও লিভাৰ কেঞ্চাৰৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ ছালৰ ৰং হালধীয়া হৈ যোৱা, চকু হালধীয়া পৰা, ,শৰীৰৰ যিকোনো অংশত খজুৱতি হোৱা, শৰীৰৰ ওজন দ্ৰুতভাৱে বৃদ্ধি পোৱা আদিবোৰ লিভাৰ কেঞ্চাৰৰ সম্ভাৱনা বঢ়াই দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here