Beauty PlusFitness PlusHealth NaturallyHealth Talksএইবোৰ লক্ষণ মানেই হ’ব পাৰে কিডনীৰ সমস্যাBy Health Plus - March 17, 2025011Facebook Twitter Pinterest WhatsApp বৰ্তমান সময়ত মানুহৰ জীৱন যাত্ৰাৰ আমূল প্ৰিৱৰ্তন ঘটিছে৷ ফাষ্ট ফুড. জাংকফুডৰ প্ৰতি আসক্তি বাঢ়িছে৷ খাদ্য খোৱাৰ ধৰণ তথা প্ৰক্ৰিয়া সলনি হৈছে৷ এনে বিভিন্ন কাৰণত কিডনীৰ সকলোতকৈ ক্ষতি হৈছে৷ সময়ত লগে লগে কিডনীৰ পৰিশোধন ক্ষমতাও দুৰ্বল হৈ গৈছে৷ এটা সময়ত কিডনী বিকল হ’বলৈ আৰম্ভ কৰে৷ কিডনীয়ে মূলতঃ বৰ্জ্য পদাৰ্থ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়াত সহায় কৰে৷ তেজৰ পৰা বৰ্জ্য আঈৰু অতিৰিক্ত তৰল পদাৰ্থ চেকনিৰ দৰে চেকি প্ৰস্ৰাৱৰ জৰিয়তে উলিয়াই দিয়াই হ’ল ইয়াৰ কাম৷ যাৰ ফলত শৰীৰত পানী, লৱণ আৰু খনিজৰ ভাৰসাম্য বজাই ৰাখে৷ ইয়াৰ ফলত স্নায়ু, পেশী আৰু অন্যান্য টিছুবোৰে সঠিকভাৱে কাম কৰিব পাৰে৷ কিডনী হঠাতে বিকল বা ন্ষ্ট নহয়৷ কিডনীৰ সমস্যাই দেখা দিলে শৰীৰলৈ কিছু সংকেত পঠিয়াই দিয়ে৷ কিন্তু এই লক্ষণবোৰ নাজানিলে বুজা সম্ভৱ নহয়৷ কিডনীৰ সমস্যা আৰম্ভ হোৱাৰ কিছুমান লক্ষণ জনাটো ভাল, যিবোৰ নজনাৰ ফলত কিডনী বিকল হৈ যাব পাৰে৷কিডনী বিকল হ’লে ভৰি ফুলি যায়৷ আচলতে কিডনীৰ কাম কৰাৰ ক্ষমতা কমি গ’লে হিম’গ্লবিনৰ মাত্ৰা সলনি হয়৷ ইয়াৰ প্ৰভাৱ ভৰিত পৰে আৰু ভৰি ফুলি যায়৷কিডনীয়ে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থ বাহিৰ কৰাত সহায় কৰে৷ কিন্তু কিডনী দুৰ্বল হ’লে ঘনাই ঘনাই প্ৰস্ৰাৱ লাগে৷ আনকি প্ৰস্ৰাৱৰ পৰিমাণ, ৰং তথা গোন্ধৰো পৰিৱৰ্তন হয়৷কিডনীয়ে সঠিকভাৱে কাম কৰিব নোৱাৰিলে শৰীৰত ক্ষতিকৰ পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে৷ ইয়াৰ ফলত বমি বমি ভাব হয়৷ খোৱাৰ ক্ষেত্ৰত আৰুচি হয়, পেটটো অস্বস্তি লাগি থাকে৷সকলো সময়তে যে হূদৰোগৰ কাৰণে শ্বাস লোৱাত কষ্ট হয় এনে নহয়৷ কিডনীয়ে ঠিকমতে শৰীৰৰ বৰ্জ্য পদাৰ্থ অপসাৰণ কৰিব নোৱাৰিলে এই বিষাক্ত পদাৰ্থ হঁাওফাঁওত প্ৰৱেশ কৰে৷ তেতিয়াই শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট অনুভৱ হয়৷আনহাতে কিডনীয়ে বৰ্জ্য পদাৰ্থ বাহিৰ কৰাত ব্যৰ্থ হ’লে শৰীৰৰ অভ্যন্তৰত সেই বিষাক্ত পদাৰ্থ জমা হ’বলৈ ধৰে আৰু তেতিয়া চৰম ক্লান্তিৰ ভাব আহে৷ কিডনী বিকলৰ ফলত তেজত টক্সিনৰ মাত্ৰা বাঢ়ি গ’লেও অৱসন্নতা, বিষণ্ণতা আদি ভাবৰ সৃষ্টি হয়৷কিডনী বিকল হোৱাৰ ফলত অধিকাংশ সময়ত ৰোগীৰ ইউৰেমিক প্ৰুৰিটাছ হয়৷ তেজত ক্ষতিকৰ খনিজ জমা হোৱা বাবে ওঁঠ, ছাল শুষ্ক হৈ পৰে৷ যাৰ ফলত চুলি সৰা, উফি, ছালৰ আন সমস্যাই দেখা দিয়ে৷কিডনীয়ে সঠিকভাৱে কাম নকৰাৰ ফলত ইৰিথ্ৰোপোয়েটিন হৰমনৰ উঞপাদন কমি যায়৷ যি নেকি লোহিত ৰক্তকণিকা প্ৰস্তুতৰ বাবে প্ৰয়োজনীয়৷ সেয়ে ইয়াৰ ফলত এনিমিয়াই দেখা দিব পাৰে৷কিডনীয়ে সঠিকভাৱে কাম নকৰাৰ ফলত শৰীৰত টক্সিন জমা হয়৷ ইয়াৰ বাবে টোপনিত ব্যাঘাত জন্মে আৰু অনিদ্ৰাই দেখা দিয়ে৷