Diet PlusFitness PlusHealth NaturallyHealth Talksএইবোৰ পাচলিত কণীতকৈও বেছি প্ৰ’টিন আছেBy Health Plus - May 9, 202502Facebook Twitter Pinterest WhatsApp কণী হৈছে প্ৰ’টিনৰ ভাণ্ডাৰ৷ আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনভাগ কণীৰ পৰাই পাওঁ৷ কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে আমি খোৱা পাচলিবোৰৰ ভিতৰত কেইবিধমানত যথেষ্ট পৰিমাণে প্ৰ’টিন পোৱা যায়, যি পৰিমাণ কণীত পোৱা প্ৰ’টিনতকৈও বেছি৷ এইসমূহ ছুপাৰফুডৰ সহায়ত আপুনি সহজে আপোনাৰ প্ৰ’টিনৰ চাহিদা পূৰণ কৰিব পাৰে৷ এই ক্ষেত্ৰত প্ৰ’টিনৰ অভাৱ দূৰ কৰিবলৈ কণীৰ কোনো প্ৰয়োজন নাই৷ প্ৰ’টিনৰ মানদণ্ড হিচাপে কণীক ধৰা হয়৷ প্ৰতি এশ গ্ৰাম কণীত প্ৰায় ১৩ গ্ৰাম প্ৰ’টিন থাকে৷ কিন্তু কিছু ক্ষেত্ৰত দেখা যায় যে কণী খোৱাৰ ফলত শৰীৰৰ আন অসুবিধা হয় বা কণীয়ে অনিষ্ট সাধন কৰে৷ এনে অৱস্থাত কিছুমান নিৰামিষ খাদ্য আছে, যিবোৰত কণীৰ সমান প্ৰ’টিন থাকে৷ জানো আহক এইসমূহ ছুপাৰ ফুডৰ বিষয়ে৷পনীৰৰ ক্ষেত্ৰত প্ৰতি এশ গ্ৰাম পনীৰত ১৮ গ্ৰাম প্ৰ’টিন থাকে৷ ভাৰতীয় নিৰামিষ খাদ্যৰ প্ৰধান খাদ্য পনীৰ কেৱল প্ৰ’টিনেই নহয়, কেলচিয়ামেৰেও সমৃদ্ধ৷ এই ছুপাৰফুডৰ সহায়ত আপুনি সহজে শৰীৰত প্ৰ’টিনৰ চাহিদা পূৰণ কৰিব পাৰে৷শুকান ৰাজমাত প্ৰতি এশ গ্ৰামত ২৪ গ্ৰাম প্ৰ’টিন পোৱা যায়৷ উত্তৰ ভাৰতত বেছ জনপ্ৰিয় ৰাজমাত শৰীৰৰ পৰ্যাপ্ত পৰিমাণে প্ৰ’টিনৰ যোগান ধৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ, আইৰন, ফোলেট তথা অন্যান্য খনিজ পদাৰ্থ থাকে, যাক এবিধ সুষম খাদ্য হিচাপে তালিকাভুক্ত কৰা যায়৷বাদামত ক্ষেত্ৰত প্ৰতি এশ গ্ৰাম বাদামত ২১ গ্ৰাম প্ৰ’টিন পোৱা যায়৷ বাদাম ভাজি বা স্মুদি হিচাপে আদৰ্শ৷ বাদামত যথেষ্ট পৰিমাণে প্ৰ’টিন পোৱা যায় আৰু স্বাস্থ্যকৰ চৰ্বি আৰু ফাইবাৰেৰে ভৰপূৰ৷ বাদামত ভিটামিন-ই আৰু মেগমেচিয়ামৰ দৰে উপাদান থাকে, যিয়ে স্বাস্থ্যৰক্ষাত অৰিহণা যোগায়৷প্ৰতি এশ গ্ৰাম দৈত বিশ গ্ৰাম প্ৰ’টিন থাকে৷ প্ৰ’টিনৰ ফালৰ পৰা চালে এটা কণীতকৈ দৈত বেছি পৰিমাণে প্ৰ’টিন থাকে৷ প্ৰ’বায়’টিক আৰু কেলচিয়াম সমৃদ্ধ সম্পূৰ্ণ প্ৰ’টিন হিচাপে দৈ উল্লেখযোগ্য খাদ্য৷ ছমাহ বা তাৰ বেছি বয়সৰ শিশউৰ কাৰণে এইবিধ অত্যন্ত লাগতিয়াল, কাৰণ দৈত থকা উচ্ছ প্ৰ’টিনৰ উপাদানে তেওঁলোকৰ দ্ৰুত বৃদ্ধি আৰু পুষ্টিত সহায় কৰে৷মগু দাইলত ক্ষেত্ৰত প্ৰতি এশ গ্ৰামত ২৪ গ্ৰাম প্ৰ’টিন পোৱা যায়৷ মগু দাইল প্ৰ’টিন ভাণ্ডাৰ৷ দাইল পুষ্টিগুণেৰে সমৃদ্ধ এবিধ ছুপাৰফুড হিচাপে ধৰা হয়৷প্ৰতি এশ গ্ৰাম বুটত ১৯ গ্ৰাম প্ৰ’টিন থাকে৷ বুট প্ৰ’টিন আৰু ফাইবাৰেৰে সমৃদ্ধ এবিধ খাদ্য৷