এইবোৰ ডায়েট মানি চলকছালখন চিৰ নতুন হৈ থাকিব

0
215


আমি মুখখনৰ সৌন্দৰ্য তথা ইয়াৰ সাৱলীল গঠন একে থকাটো সকলোৱে বিচাৰোঁ৷ কিন্তু বয়স বঢ়াৰ লগে লগে মুখৰ ছালৰো পৰিৱৰ্তন হয়, মুখ শোতোৰা পৰে, বলিৰেখা পৰা, মুখৰ বিভিন্ন প্ৰকাৰৰ দাগ হৈ মুখখন কুশ্ৰী কৰি তোলে৷ এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ বলিৰেখাৰ সমস্যা তথা ছালখন চিৰ তৰুণ কৰি ৰাখিবলৈ আমি খাদ্যৰ তালিকাত কিছু বস্তু অন্তৰ্ভুক্ত কৰিব লাগিব৷ মুখখন সুন্দৰ আৰু সজীৱ কৰি ৰাখিবলৈ নিয়মিতভাৱে কি খাদ্য খাব জানো আহক৷
প্ৰকাশিত তথ্য মতে ব্ৰকলিয়ে মুখৰ বলিৰেখাৰ সমস্যাৰ পৰা মুক্ত কৰাৰ লগতে ছালখন দীৰ্ঘসময়ৰ বাবে তৰুণ কৰি ৰাখে৷ ব্ৰকলিত এণ্টিইনফ্ৰেমেটৰি তথা এণ্টিএজিং উপাদান থাকে, যিয়ে বলিৰেখা ফাইনলাইনৰ সমস্যা, ফ্ৰেকলছ আদি প্ৰতিৰোধ কৰে৷
বাদামে ছালৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে৷ বাদামত বিভিন্ন ধৰণৰ চৰ্বি উপাদান থাকে, যিয়ে সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ছালখনক সুৰক্ষা দিয়ে৷ নিয়মিতভাৱে বাদাম খালে ছালৰ তাৰুণ্য ভাব বৰ্তি থাকে আৰু ছালবþন উজ্জ্বল আৰু সজীৱ হৈ থাকে৷
কণীত সকলোতকৈ বেছি পৰিমাণৰ প্ৰ’টিন পোৱা যায়৷ কণীৰ হালধীয়া অংশত বায়োটিন থাকে৷ এই বায়োটিন নামৰ উপাদানে ছাল আৰু চুলি তথা নখৰ যথেষ্ট উপকাৰ সাধন কৰে৷
ছালৰ বিভিন্ন সমস্যা নিৰাময়ৰ বাবে ঘৰুৱাভাৱে অমিতাৰ ফেচপেক মুখত ব্যৱহাৰ কৰিব পাৰে৷ অমিতাত পেপেইন নামৰ এবিধ এনজাইম পোৱা যায়, যি এণ্টিএজিং বৈশিষ্ট্যৰে পৰিপূৰ্ণ৷ ইয়াৰ উপৰি লাইকোপেন নামৰ এবিধ এণ্টিঅক্সিডেণ্ট অমিতাৰ থাকে, যিয়ে ছালখনক অকাল বয়সতে বাৰ্ধক্যৰ লক্ষণ আহিবলৈ নিদিয়ে৷ যাৰ ফলত বয়স বাঢ়িলেও ছালত বাৰ্ধক্যৰ কোনো চিন নাথাকে৷
মচুৰ দাইল আৰু নেমু ছালৰ বাবে অত্যন্ত উপকাৰী৷ ইয়াত ফোলেট, পটাচিয়াম, আইৰন, মেগনেচিয়াম আদি পোৱা যায়৷ যিয়ে ছালৰ বাৰ্ধক্যৰ লক্ষণ প্ৰতিৰোধ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here