এইবোৰ খাদ্য ভুলতো কুকাৰত সিদ্ধ নকৰিব

0
31

আজিকালি ৰন্ধন কাৰ্যত প্ৰেছাৰৰ কুকাৰ ব্যৱহাৰ কৰা হয়৷ ৰন্ধন প্ৰণালীত প্ৰেছাৰ কুকাৰ এক এবাৰ নোৱৰা সামগ্ৰী হৈ পৰিছে৷ কম সময়তে ভাত, দাইল মাছ, মাংস সকলো ধৰণৰ ব্যঞ্জন সহজে কুকাৰত বনাব পৰা যায়৷ ইয়াৰ ফলত সময় ৰাহি হয়,বিশেষকৈ পুৱা সময়ত অফিচলৈ যোৱাসকলৰ ক্ষেত্ৰত প্ৰেছাৰ কুকাৰে বিশেষ ভূমিকা পালন কৰে৷ পুৱাই ভাতসাঁজ তৃপ্তিৰে খাই অফিচত সময়ত হাজিৰ হোৱাত সহায় কৰে এই কুকাৰে৷ পিছে, ৰ’ব আপুনি প্ৰেছাৰ কুকাৰত সহজে ৰন্ধা খাদ্যবোৰ পুষ্টিগুণেৰে সমৃদ্ধনে, নে এইধৰণে ৰন্ধা খাদ্য খোৱাৰ উপযোগী নহয়৷ সেই বিষয়ে অলপ জানো আহক৷ আপুনি খোৱা কিছুমান এনেকুৱা খাদ্য আছে, যিবোৰ খাদ্য প্ৰেছাৰ কুকাৰত ৰান্ধিলে খাদ্যগুণ নাইকিয়া হোৱাই নহয়, এইধৰণৰ খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰাৰ ফলত শাৰীৰিক বিভিন্ন অসুবিধা হ’বও পাৰে৷ কুকাৰত বনোৱা এইবোৰ খাদ্য উপকাৰী নহয়, ইয়াৰ পৰিৱৰ্তে ক্ষতিহে কৰিব পাৰে৷ গেছ, এচিডিটি আদিৰ দৰে সমস্যাই দেখা দিব পাৰে৷ জানিব পৰা মতে কুকাৰত ৰন্ধা খাদ্যত পুষ্টিগুণ কমি যায়৷ কিছুমান এনে খাদ্য আছে, যিবোৰৰ উচ্চ তাপমাত্ৰা ইয়াৰ খাদ্যগুণ কমি যায়৷ প্ৰেছাৰ কুকাৰত যিহেতু অতিৰিক্ত তাপ পায়, সেয়ে এনে খাদ্যৰ পুষ্টিগুণ নোহোৱা হয়৷
কেতিয়াও কুকাৰত ভাত ৰন্ধা উচিত নহয়৷ কিয়নো ভাত কুকাৰত ৰন্ধাৰ ফলত ইয়াত থকা ষ্টাৰ্চত ৰাসায়নিক পদাৰ্থ মিহলি হয়৷ কুকাৰত বনোৱা ভাত খোৱাৰ ফলত হজমৰ সমস্যা হ’ব পাৰে, শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বাঢ়িব পাৰে কুকাৰত ৰন্ধা ভাত খালে৷
প্ৰেছাৰ কুকাৰত আলু সিদ্ধ কৰি খোৱাৰ উচিত নহয়৷ আলুত থকা ষ্টাৰ্চে কুকাৰত ৰাসায়নিক প্ৰস্তুত কৰিব পাৰে৷ যাৰ ফলত স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷
নুডলছত অত্যধিক পৰিমাণে ষ্টাৰ্চ পোৱা যায়৷ সেয়ে কুকাৰত নুডলছ বনালে ষ্টাৰ্চৰ সৈতে ৰাসায়নিক ক্ৰিয়া ঘটি পেটৰ সমস্যাকে ধৰি আন বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
প্ৰেছাৰ কুকাৰত মাছ ৰান্ধিলে মাছৰ পুষ্টিগুণ যথেষ্ট হ্ৰাস পায়৷ কুকাৰত ৰন্ধা মাছত বেক্টেৰিয়াৰ সৃষ্টি হ’ব পাৰে, যিয়ে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰো কাৰণ হ’ব পাৰে৷
পাষ্টা এবিধ ষ্টাৰ্চ সমৃদ্ধ খাদ্য৷ সেয়ে ষ্টাৰ্চ সমৃদ্ধ খাদ্য বাবে পাস্তা কেতিয়াও কুকাৰত নবনাব৷ কুকাৰত বনোৱা পাস্তা খোৱাৰ ফলত স্নায়ুৰ ৰোগ তথা কেঞ্চাৰৰ দৰে ভয়াৱহ ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here