এইবোৰ খাদ্য বাদ দিলে দীৰ্ঘায়ু পাবলৈ সক্ষম

0
59

দীৰ্ঘকাল সুস্থ হৈ থাকিবলৈ স্বাস্থ্যকৰ খাদ্য খোৱাৰ কোনো বিকল্প নাই৷ আপুনি নিয়মিতভাৱে কি খাদ্য গ্ৰহণ কৰে, তাৰ ওপৰত নিৰ্ভৰ কৰে স্বাস্থ্যকৰ জীৱনৰ ম্যাদ৷ সেয়ে দীৰ্ঘায়ু তথা সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ সঠিক খাদ্যৰ ওপৰত ভৰসা ৰখা জৰুৰী৷
আমি সুস্থ থাকিবলৈ স্বাস্থ্যকৰ খাদ্য খোৱাটো অতি প্ৰয়োজনীয়৷ অথচ স্বাস্থ্যকৰ খাদ্যৰ এই তালিকাখন অত্যধিক দীঘলীয়া৷ তাতকৈ বৰং জানি থোৱা ভাল যে দীৰ্ঘায়ু পাবলৈ হ’লে কি কি খাদ্য খাদ্য তালিকাৰ পৰা বাদ দিয়া উচিত৷
আমেৰিকাৰ চেণ্টাৰ্ছ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনৰ এক সমীক্ষা মতে যিসকলে নিয়মিতভাৱে ধূমপান সেৱন কৰে, তেওঁলোকৰ আয়ুস দহ বছৰ পৰ্যন্ত কমি যাব পাৰে৷ সুস্থভাৱে দীৰ্ঘায়ু পাবৰ কাৰণে ধূমপান সেৱনৰ অভ্যাস আজিয়েই পৰিত্যাগ কৰক৷ চিকিৎসকেও এই পৰামৰ্শকে দিছে৷
ছিপছৰ পৰা আৰম্ভ কৰি খোলাভাৱে বিক্ৰী হোৱা ভজা-পোৰা, আন পেকেটজাত ভজা আদিত প্ৰচুৰ পৰিমাণে কেলৰি থাকে৷ এইধৰণৰ ভজা-পোৰা খোৱাৰ ফলত শৰীৰত কলেষ্টৰেলৰ মাত্ৰা সাংঘাতিকভাৱে বাঢ়ি যায়৷ যাৰ কাৰণে বিভিন্ন ধৰণৰ জটিল অসুখৰ সম্ভাৱনা বাঢ়ি যাব পাৰে৷
চেনিত কোনো পুষ্টিগুণ নাই যদিও চেনি অত্যধিক কেলৰিৰে ভৰপূৰ৷ পুষ্টিহীন এই কেলৰিয়ে বিভিন্ন ধৰণৰ ৰোগৰ কাৰণ হ’ব পাৰে৷ কেঞ্চাৰৰ পৰা আৰম্ভ কৰি ডায়েবেটিছ বা কিডনী বিকল হোৱাৰ দৰে জটিল ৰোগৰ কাৰণ হ’ব পাৰে অতিৰিক্ত চেনি খোৱাৰ ফলত৷ যাৰ বাবে আপোনাৰ আয়ুস কমি যাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here