যকৃতৰ পাছত অংশত গলব্লাডাৰ থাকে, যি অংগত পিত্ত পূৰ্ণ থাকে আৰু যি অংগ খাদ্য হজমৰ বাবে অতি প্ৰয়োজনীয়৷ এই গলব্লাডাৰত কিছু খাদ্য খোৱাৰ ফলত পাথৰ হ’ব পাৰে৷ এনে কিছু খাদ্য আছে, যিবোৰ গ্ৰহণ কৰাৰ ফলত আপোনাৰ গলব্লাডাৰ ষ্ট’ন ৰ প্ৰধান কাৰণ হ’ব পাৰে৷ এনে এটা গুৰুতৰ সমস্যা, যি সকলো লোককে প্ৰভাৱিত কৰে৷ আপুনি যদি প্ৰতিদিনে এই পাঁচবিধ খাদ্য গ্ৰহণ কৰে, তেনেহ’লে অলপ সাৱধান হোৱা ভাল৷ কিয়নো এইবোৰ খাদ্য গ্ৰহণ কৰি গলব্লাডাৰত পাথৰ হ’লে অপাৰেশ্যনৰ দৰে জটিলতাই দেখা দিব পাৰে৷
ৰেড মিট যেনে ছাগলীৰ মাংস, ভেৰাৰ মাংস, গাহৰিৰ মাংস আদি পিত্তথলিত পাথৰৰ জমা হোৱা এটা প্ৰধান কাৰণ৷ এইবোৰ খাদ্যই উচ্চ পৰিমাণে ছেচুৰেটেড ফেট থাকে, যিয়ে কলেষ্টৰেলৰ মাত্ৰা বঢ়াব পাৰে৷ ৰেড মিট খালে গলব্লাডাৰত পাথৰ গঠনৰ সম্ভাৱনা বঢ়ায়৷
চৰ্বিযু্ক্ত খাদ্য, অত্যধিক ভজা-পোৰা, ফাষ্ট ফুড বা অত্যধিক ক্ৰিমজাতীয় খাদ্যই পিত্তথলীত পাথৰৰ সম্ভাৱনা বঢ়ায়৷ এইবোৰ খাদ্যই পিত্তৰ নিঃসৰণক প্ৰভাৱিত কৰে, যি পিত্তথলীত শক্ত পদাৰ্থ সৃষ্টি কৰাৰ সম্ভাৱনা বঢ়ায়৷
পাষ্টা, ব্ৰেড তথা অন্যান্য পৰিশোধিত কাৰ্বহাইড্ৰেট গলব্লাডাৰৰ কাৰণে ক্ষতিকৰ হ’ব পাৰে৷ এই খাদ্যবোৰ গ্ৰুত হজম হয় আৰু শৰীৰৰ ইনছুলিনৰ মাত্ৰা বঢ়াব পাৰে, যিয়ে কলেষ্টৰেলৰ মাত্ৰাও বঢ়াই দিব পাৰে৷ দীৰ্ঘদিন ধৰি এনেধৰণৰ খাদ্য খোৱাৰ ফলত পিত্তথলীত পাথৰ হোৱাৰ সম্ভাৱনা থাকে৷
ক’ল্ড ড্ৰিংকছ তথা অন্যান্য মিঠাই জাতীয় খাদ্যই পিত্তথলীত পাথৰৰ সৃষ্টি কৰিব পাৰে৷ এইবোৰ খাদ্যই প্ৰচুৰ পৰিমাণে চেনি থাকে, যি শৰীৰৰ ইনছুলিনৰ মাত্ৰা বঢ়াই দিয়ে তথা পাথৰৰ সৃষ্টি কৰে৷