আমি দৈনন্দিন খাদ্য হিচাপে গ্ৰহণ কৰা কিছুমান খাদ্য খোৱাৰ ফলত কিডনীত পাথৰ সৃষ্টিত অৰিহণা যোগাব পাৰে৷ এনে বহুতো খাদ্য আছে, যিবোৰ খাদ্যত অক্সালেটসহ উপাদান যথেষ্ট পৰিমাণে থাকে৷ এইধৰণৰ খাদ্য গ্ৰহণ কৰিলে কিডনীজনিত সমস্যা তথা কিডনীত পাথৰ সৃষ্টি কৰিব পাৰে৷ সেয়ে কিডনীৰ সুস্থতাৰ বাবে এই খাদ্যবোৰ এৰাই চলাই ভাল৷ যেতিয়া খনিজ তথা অন্যান্য বৰ্জ্য পদাৰ্থ কিডনীত জমা হয়, তেতিয়া সেইবোৰেই সৰু সৰু পাথৰত পৰিণত হয়৷ যাক আমি কিডনীৰ ষ্ট’ন বুলি কওঁ৷ কিডনীত পাথৰ হ’লে অসহ্য বিষ অনুভৱ হয়৷ এই ৰোগে জটিলতাৰ সৃষ্টি কৰিব পাৰে৷ বিভিন্ন সময়ত দেখা যায় যে কিডনীত পাথৰ জমা হোৱাৰ ফলত প্ৰস্ৰাৱৰ জৰিয়তে তেজ পৰ্যন্ত ওলায়৷ সেয়ে কিডনীৰ ষ্ট’নত ভোগা ৰোগীয়ে তেওঁলোকৰ খাদ্যাভ্যাসত বিশেষ গুৰুত্ব দিব লাগে৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে কিডনী ষ্ট’নৰ পৰা হাত সাৰিবলৈ অতিৰিক্ত নিমখ তথা চেনি এৰাই চলা ভাল৷ ইয়াৰ উপৰি পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰাটো উচিত৷ অতিৰিক্ত নিমখ আৰু কেলচিয়াম সমৃদ্ধ খাদ্যই কিডনীৰ পাথৰৰ অন্যতম কাৰণ হ’ব পাৰে৷ আনহাতে কিডনী ষ্ট’নৰ আন এবিধ খাদ্য হ’ল পালেং শাক৷ পালেং শাকত প্ৰচুৰ পৰিমাণে অক্সালেট থাকে, যিয়ে কিডনীৰ পাথৰ গঠনৰ এটা প্ৰধান কাৰণ হ’ব পাৰে৷ যদি এজন ব্যক্তিৰ কিডনীৰ পাথৰৰ সমস্যা আছে, তেনেহ’লে খাদ্য তালিকাৰ পৰা পালেং শাক বাদ দিয়ক৷ চকলেটত উচ্চ পৰিমাণে অক্সিলেট থাকে, যি কিডনীৰ পাথৰ হোৱা ৰোগীৰ বাবে বিপজ্জনক হ’ব পাৰে৷ অতিৰিক্ত চকলেট খোৱাৰ ফলত পাথৰৰ সম্ভাৱনা বাঢ়ি যাব পাৰে৷ বিলাহীত যথেষ্ট পৰিমাণে অক্সিলেট পোৱা যায়৷ সেয়ে কিডনীৰ ষ্ট’নৰ ৰোগীৰ বাবে বিলাহী ক্ষতিকাৰক হ’ব পাৰে৷ আনহাতে গাখীৰ বা আন দুগ্ধজাত খাদ্যবোৰত যথেষ্ট পৰিমাণে অক্সিলেট থাকে, যিয়ে কিডনীজনিত সমস্যা তথা কিডনীৰ পাথৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে৷ কিছুমান ফলৰ ৰস বিশেষকৈ আঙুৰৰ ৰসে কিডনীৰ ষ্ট’নত ভোগাসকলৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷ ৰেড মিটত প্ৰচুৰ পৰিমাণে পিউৰিন থাকে, যিয়ে ইউৰিক এচিডৰ মাত্ৰা বঢ়াই দিব পাৰে৷ সেয়ে কিডনীত পাথৰ থকাসকলে এইধৰণৰ মাংস নোখোৱাই ভাল৷