এইবোৰ খাদ্যই ঋতুস্ৰাৱ বন্ধৰপাছত হৰমনৰ অভাৱ পূৰণ কৰে

0
390


মহিলাসকলৰ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ পৰিপূৰ্ণ হৈ উঠাৰ পৰা সন্তান ধাৰণ কৰা ক্ষমতালৈ এই সকলোবোৰৰ ক্ষেত্ৰতে ইষ্ট্ৰোজেন হৰমনৰ ভূমিকা অপৰিসীম৷ প্ৰজনন লগত এই হৰমন যুক্ত হৈ থাকিলে নাৰী-পুৰুষ নিৰ্বিশেষে সামগ্ৰিক স্বাস্থ্যৰ বাবে এই হৰমন অতি গুৰুত্বপূৰ্ণ৷ প্ৰজনন উপৰি হাৰ্ট তথা হাড়ৰ বাবে ইষ্ট্ৰোজেন হৰমন লাগতিয়াল৷ মহিলাসকলৰ ঋতুস্ৰাৱ বন্ধৰ পাছত শৰীৰত স্বাভাৱিক নিয়মত এই হৰমনৰ অভাৱ হয়৷ যাৰ ফলত বিভিন্ন শাৰীৰিক জটিলতাই দেখা দিব পাৰে৷ বিশেষজ্ঞই কোৱা মতে শৰীৰত ইষ্ট্ৰোজেন পৰিমাণ বৃদ্ধিৰ কোনো ঔষধ নাই যদিও কিছুমান খাদ্যৰ ওপৰত ভৰসা ৰাখিলে সমতা স্থাপন হৈ থাকে৷ প্ৰাকৃতিকভাৱে ইষ্ট্ৰোজেন হৰমনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ কি কি খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিব জানো আহক৷
মহিলাসকলৰ শৰীৰত ইষ্ট্ৰোজেন হৰমনৰ অভাৱ পূৰণ কৰিব পাৰে তিচি বা ফ্লাকছিডছে৷ শৰীৰত ইষ্ট্ৰোজেন হৰমনৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত তিচিয়ে সহায় কৰে৷ তিচিত ফাইটোইষ্ট্ৰোজেন নামৰ এবিধ যৌগ থাকে, যিয়ে মহিলাসকলৰ ঋতুস্ৰাৱ বন্ধ হৈ যোৱাৰ পাছত স্তন কেঞ্চাৰ হোৱাৰ আশংকা হ্ৰাস কৰে৷
ছয়াবিন, ছয়া গাখীৰ, ইয়োগাৰ্ট. টোফু আদি খালে স্বাভাৱিকভাৱেই ইষ্ট্ৰোজেন হৰমনৰ পৰিমাণ বৃদ্ধি পায়৷ ইয়াৰ উপৰি এইবোৰ খাদ্য খোৱাৰ ফলত শৰীৰত প্ৰ’টিনৰ অভাৱো পূৰ হয়৷
তিচিৰ দৰে তিলেও শৰীৰত ইষ্ট্ৰোজেন হৰমন উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পাৰে৷ ১০০ গ্ৰাম তিলৰ বীজত লিগনানাছৰ পৰিমাণ ০.৫ গ্ৰাম শতাংশ৷ সমীক্ষাত দেখা গৈছে যে ঋতুস্ৰাৱ বন্ধ হোৱা পাছত নিয়মিতভাৱে তিল খালে শৰীৰত ইষ্ট্ৰোজেন হৰমনৰ ভাৰসাম্য নিয়ন্ত্ৰণত থাকে৷
ফাইটোইষ্ট্ৰোজেন যৌগটোৰ প্ৰাকৃতিক উৎস হ’ল বুট৷ এটা গৱেষণাত প্ৰকাশ পাইছে যে প্ৰতিদিনে ১০০ গ্ৰাম বুট খালে ইষ্ট্ৰোজেন হৰমনৰ পৰিমাণ বাঢ়ি যায়৷ বুটৰ সৈতে ৰাজমা, লুবিয়া মটৰগুটি, বিন আদি মাহজাতীয় খাদ্য খালেও এই হৰমন শৰীৰ অটুট থাকে৷
চিজ, গাখীৰ, দৈ বা আন দুগ্ধজাত খাদ্যত সামান্য পৰিমাণে হ’লেও ইষ্ট্ৰোজেন তথা প্ৰোজেষ্টেৰন থাকে৷ বিভিন্ন গৱেষণাত দেখা গৈছে, সৰ থকা গাখীৰত ইষ্ট্ৰোজেনৰ পৰিমাণ তুলনামূলকভাৱে বেছি থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here