ব্যস্ততাপূৰ্ণ জীৱনত দৈনিক ধূলি-বালিৰ মাজেৰে কাম কৰি থকাৰ ফলত ছালখনৰ যতন ল’বলৈ যেন কাৰোৰে আহৰিয়েই নাই৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা কেইটামান বিউটি টিপ্ছ, যাক অতি কম সময়তে ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰিব৷
পকা অমিতা ফেনেকি মলমৰ দৰে ছালত সানিলে ছালৰ ক’লা দাগ নাইকিয়া হয় আৰু উজ্জ্বলতা বৃদ্ধি পায়৷
তেজপাত সিজাই লৈ উঠি পানীখিনিত পদিনাৰ ৰস মিশ্ৰণ কৰি ছান বাৰ্নত সানিলে সুফল পোৱা যায়৷
জলফাই তেলেৰে ৰাতি শোৱাৰ পূৰ্বে চকুত মালিচ কৰিলে চকুৰ তলৰ ক’লা দাগ আঁতৰ হয়৷
মেথি গুটি পিচি দৈৰ সৈতে চুুলিত সানিলে উফি নিৰাময় হয়৷
একাপ দৈত এটা আপেল মিশ্ৰণ কৰি ছালত সানিলে ছাল মাখনৰ দৰে মসৃণ হয়৷