হেপ্পী হৰমনৰ নিঃসৰণ কমিলে বা উৎপাদনৰ প্ৰভাৱ পৰিলে মন-মেজাজ অস্বস্তিকৰ, বেয়া হৈ থাকিব পাৰে৷ দৈনন্দিন কোনবোৰ অভ্যাসে এই কাম কৰিব পাৰে৷ ধৰক আপোনাৰ মন অত্যন্ত বেয়া৷ একে এটাই কৰিবলৈ মন নাই, এনেয়ে বহি-শুইয়ে ঘৰতে সোমাই আছে৷ কিন্তু বন্ধুৰ পৰা এটা ফোনকল আহোঁতে সকলো ঠিক হৈ গ’ল৷ মুহূৰ্ততে মন ফৰকাল হ’ল, ক্লান্তি-অৱসাদো দূৰ হ’ল৷ ভাবিছেনে এই সকলোবোৰ কেৱল বন্ধুৰ সংগলাভৰ বাবে হ’ল৷ ইয়াৰ আঁৰতো লুকাই আছে হৰমনৰ প্ৰভাৱ৷ বাহিৰৰ মুকলি বতাহ, সমনীয়াৰ সৈতে আড্ডা, বাহিৰত খোৱা-বোৱা কৰা আদি কাৰ্যৰ ফলত কিছুমান হৰমনৰ ক্ষৰণ বাঢ়ি যায়, যিয়ে মস্তিষ্কত সুখানুভূতি তৈয়াৰ কৰে৷ আৱেগ, ভালপোৱা, এই সকলো অনুভূতিৰ সৈতে সংযোগ থাকে বিশেষ হৰমনৰ৷ সেই কাৰণে ডোপামিন, এণ্ডৰফিন, ছোৰোটোনিনৰ দৰে হৰমনক হেপ্পী হৰমন বুলি কোৱা হয়৷ এইধৰণৰ হৰমনৰ প্ৰভাৱ মানসিত স্থিতিতো কম-বেছি পৰিমাণে পৰে৷ ৰাতি মোবাইলত ব্যস্ত থকাৰ বাবে সঠিকভাৱে টোপনি নহয়৷ পৰ্যাপ্ত মাত্ৰা টোপনি নহাৰ ফলত মেজাজ অসন্তুন হয়৷ টোপনিৰ সৈতে ছেৰোটোনিন হৰমনৰ সম্পৰ্ক থাকে৷ টোপনি কম মাত্ৰাত হ’লে ছেৰোটোনিনৰ মাত্ৰাও কমি যায়৷ ইয়াৰ প্ৰভাৱ মেজাজত পৰে৷ যাৰ প্ৰভাৱত হৰমনৰ ভাৰসাম্য বিঘ্নিত হয়৷ চাহ-কফিয়ে স্নায়ুৰ কাৰ্যক্ষমতা বৃদ্ধি তথা স্বাস্থ্য উন্নত কৰে ঠিকেই, কিন্তু ইয়াৰ বহুতো নেতিবাচক দিশো আছে৷ অতিৰিক্ত কেফেইনে শৰীৰত পানীৰ অভাৱ ঘটায় অথবা আন খাদ্য খোৱাৰ আগ্ৰহ বা ইচ্ছা কমাই দিব পাৰে৷ মস্তিষ্ক সচল ৰখা, হৰমনৰ ভাৰসাম্য ঠিক ৰখাত পুষ্টিকৰ খাদ্য খোৱা জৰুৰী৷ ৰক্ত শৰ্কৰাৰ মাত্ৰা কমি গ’লে বা ঠিকমতে নাথাকিলে মস্তিষ্কত ইয়াৰ প্ৰভাৱ পৰে৷ ইয়াৰ ফলত মন ভাল কৰা হৰমনৰ ক্ষৰণ কমি যায়৷ শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান ভিটামিন-ডি৷ সূৰ্যালোকৰ সংস্পৰ্শত ছালত এই ভিটামিন তৈয়াৰ হয়৷ ছেৰোটোনিনৰ দৰে হেপ্পী হৰমন নিঃসৰণত ইয়াৰ ভূমিকা অপৰিসীম৷ সেয়ে কিছু সময়ত খোলা ঠাইত ঘূৰা-মেলা কৰিলে মন ফৰকাল লাগে আৰু ইয়াৰ কাৰণ হ’ল ছেৰোটনিন হৰমনৰ নিঃসৰণ৷ মানসিক চাপ তথা উদ্বেগৰ ফলত কৰ্টিছেল ক্ষৰণৰ মাত্ৰা বাঢ়ি যাব পাৰে৷ ইয়াক ষ্ট্ৰেচ হৰমনো বোলা হয়৷ ক্ৰমাগত মানসিক অশান্তিত থাকিলে হেপ্পী হৰমন নিঃসৰণত প্ৰভাৱ পৰে৷ এই সমস্যা সমাধানৰ বাবে প্ৰাণায়াম উত্তম৷