এইবোৰ অভ্যাসে লিভাৰৰ ক্ষতি কৰিব পাৰে

0
5


লিভাৰ শৰীৰৰ এটা অন্যতম প্ৰধান অংগ৷ লিভাৰ সুস্থ কৰি ৰখা শৰীৰৰ বাবে খুবেই প্ৰয়োজন৷ আমাৰ কিছুমান নিজৰ ভুলৰ বাবে লিভাৰটো বিপদ মাতি অনা হয়৷ এইবোৰ কুঅভ্যাসৰ বাবে লিভাৰৰ ক্ষতি হয় আৰু পাছত বিপদে দেখা দিয়ে৷ অতিৰিক্তভাৱে মদ্যপান কৰিলে যকৃতৰ ক্ষতি হ’ব পাৰে৷ হ’ব পাৰে ছিৰোছিছো৷ কিন্তু এই ধাৰণা ভুল যে অতিৰিক্ত মদ্যপান কৰিলেই যে যকৃতৰ ক্ষতি হ’ব৷ অতিৰিক্ত মদ্যপান নকৰিলেও লিভাৰৰ ক্ষতি হ’ব পাৰে৷ অচিৰিক্ত মিঠাই খোৱা, চেনি খোৱা আপোনাৰ যক.তৰ বাবে মু্‌ঠেও নিৰাপদ নহয়৷ কোল্ড ড্ৰিংকছ আৰু কাৰ্বনেটেড ড্ৰিংকছ কমকৈ খোৱাৰ অভ্যাস কৰক৷ নহ’লে লিভাৰৰ ক্ষতি হোৱা অনিবাৰ্য৷ খাদ্যত নিমখ নহ’লে খাবলৈ খুবেই বেয়া লাগে৷ কিন্তু প্ৰয়োজনতকৈ বেছি নিমখ লিভাৰৰ কাৰণে যম৷ অতিৰিক্ত নিমখে লিভাৰৰ বিস্তৃৃত ক্ষতি কৰিব পাৰে৷ লিভাৰ সুস্থ ৰাখিবলৈ হ’লে ময়দা বা ময়দাৰে তৈয়াৰী যিকোনো খাদ্য কমকৈ খোৱা উচিত৷ লিভাৰৰ সুস্থতাৰ বাবে ৰেড মিট সীমিত পৰিমাণে খোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here