এইবোৰে ইলেক্ট্ৰ’লাইটৰ সমতা বজাই ৰাখিব পাৰে

0
145

গৰমত শৰীৰৰ সুস্থ তথা সবল কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো অতি আৱশ্যক৷ অতিৰিক্ত গৰমৰ বাবে শৰীৰৰ পৰা বৃহৎ পৰিমাণৰ পানী ঘাম হিচাপে ওলাই যায়৷ ঘামৰ লগতে শৰীৰৰ পৰা বিভিন্ন ধৰণৰ খনিজও বাহিৰ হয়৷ যাৰ ফলত শৰীৰত ডিহাইড্ৰেশ্যনে দেখা দিব পাৰে৷ ঘাম আকাৰে শৰীৰৰ পৰা অত্যধিক ওলাই যোৱাৰ ফলত পেশী টানি ধৰে, মূৰৰ বিষ, ক্লান্তি অনুভৱ হোৱা আদি উপসৰ্গই দেখা দিয়ে৷ শাৰীৰবৃত্তীয় বিভিন্ন কাৰ্যকলাপত ব্যাঘাত জন্মে শৰীৰত এই খনিজৰ অভাৱ হ’লে৷ সেয়ে পুষ্টিবিদে জনোৱা মতে এইধৰণৰ কিছুমান খাদ্য আছে, যিবোৰে এই অভাৱ পূৰ কৰিব পাৰে, অৰ্থাৎ এইবোৰ খাদ্যই শৰীৰত ৱাল ৰিহাইড্ৰেশ্যন ছলিউশ্যন হিচাপে কাম কৰে৷ জানো আহক সেইবোৰৰ বিষয়ে৷
কলত প্ৰচুৰ পৰিমাণে পটাচিয়াম পোৱা যায়৷ এই উপাদানটোৱে শৰীৰত খনিজৰ নাটনি পূৰণ কৰাৰ লগতে পেশীৰ কাম-কাজ সঠিকভাৱে পৰিচালনা কৰাত সহায় কৰে৷ শৰীৰত ফ্ৰুইডৰ ভাৰসাম্য বজাই ৰখাত এই উপাদান গুৰুত্বপূৰ্ণ৷
পটাচিয়াম, ছডিয়াম, মেগনেচিয়াম তথা কেলচিয়ামৰ দৰে প্ৰয়োজনীয় বহুতো খনিজ ডাবৰ পানীত পোৱা যায়৷ শৰীৰৰ ইলেক্ট্ৰলাইটৰ সমতা বজাই ৰখাত এই পানীয় সাংঘাতিক গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয়৷
অতিৰিক্ত ঘামৰ সৈতে শৰীৰৰ পৰা বহুতো খনিজ বাহিৰ হৈ যায়৷ যাৰ ফলত ইলেক্ট্ৰলাইটৰ সমতা নষ্ট হয়৷ পালেং শাকত মেগনেচিয়াম, পটাচিয়াম তথা কেলচিয়াম যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ ফ্ৰুইডৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে৷
গৰমৰ দিনকেইটাত শৰীৰৰ সুস্থ থাকিবলৈ টেঙা দৈ খোৱাৰ অভ্যাস কৰক৷ কেলচিয়াম, পটাচিয়ামেৰে সমৃদ্ধ দৈ পেশীৰ কাৰ্যক্ষমতা সঠিকভাৱে পৰিচালনা কৰাত সহায় কৰে৷ ইয়াৰ লগতে হাড় মজবুত কৰাত দৈৰ যথেষ্ট ভূমিকা আছে৷
ভিটামিন-চি সমৃদ্ধ কমলাটেঙাই শৰীৰৰ পটাচিয়াম আৰু কেলচিয়ামৰ অভাৱ দূৰ কৰাৰ লগতে স্নায়ুতন্ত্ৰৰ কাম-কাজ ভালে ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here