আমাৰ শৰীৰত ভিটামিনৰ অভাৱ হ’লে বিভিন্ন অসুবিধা তথা বিসংগতিয়ে দেখা দিয়ে৷ শৰীৰত ভিটামিনৰ সমতুলতা নাথাকিলে শৰীৰৰ দুৰ্বলতাৰ সুযোগ লৈ বিভিন্ন ৰোগে আক্ৰমণ কৰে৷ সেয়ে ভিটামিনৰ অভাৱ নহ’লে বিভিন্ন প্ৰকাৰৰ ভিটামিনযুক্ত খাদ্য নিয়মিতভাৱে খোৱা উচিত, যাতে শৰীৰে পৰ্যাপ্ত মাত্ৰা ভিটামিন পাই থাকে৷ আনহাতে গোটেই নিশা টোপনি মৰাৰ পাছতো যেতিয়া আপুনি পুৱা টোপনিৰ পৰা সাৰ পায়, দেহটো ফ্ৰেচ বা ৰিলাক্স নালাগি অলসতা লাগি থাকে৷ টোপনিৰ ভাব থাকি যায়, শৰীৰ দুৰ্বল অনুভৱ হয়৷ গোটেই দিনটো টোপনি টোপনি লাগি থাকে৷ দিনৰ ভাগত ক’ৰবাত অকণমান জিৰালেও টোপনিয়ে হেঁচা মাৰি ধৰে৷ শৰীৰ দুৰ্বল লাগে, অনৱৰতে ক্লান্তি ভাব থাকে৷ অফিচ-কাছাৰীয়ে আদিত কামৰ মাজত হামিয়াই-হকটিয়াই থাকোঁতেই যায়৷ মুঠতে সাংঘাতিক বিৰক্তিকৰ জীৱন বুলি নিজৰে অনুভৱ হয়৷ এনে লক্ষণবোৰৰ শৰীৰত দেখা দিলে আপুনি বুজিব যে আপোনাৰ শৰীৰত ভিটামিনৰ অভাৱ হৈছে৷ অৰ্থাৎ শৰীৰত ভিটামিনৰ নাটনিৰ বাবেহে এই লক্ষণবোৰ দেখা দিছে৷ গতিকে আপুনি ইয়াৰ প্ৰতিকাৰৰ উপায় হিচাপে এজন বিশেষজ্ঞ চিকিৎসকৰ কাষ চপা উচিত৷ ইয়াৰ লগতে আপুনি জনাটো উচিত যে কি ভিটামিনৰ অভাৱৰ বাবে আপোনাৰ এনে অৱস্থা হৈছে৷ বিশেষজ্ঞই কোৱা মতে ভিটামিন-বি, বিশেষকৈ ভিটামিন-বি১২ হ’ল আমাৰ শৰীৰৰ কাৰণে এবিধ অন্যতম ভিটামিন, যাৰ অভাৱত শৰীৰৰ ক্লান্তি বাঢ়ে তথা অত্যধিক টোপনিৰ ভাব আহে৷ আনহাতে ৰক্তস্বল্পতাৰ কাৰণেও ক্লান্তি অনুভৱ তথা টোপনি অধিক বৃদ্ধি পাব পাৰে৷ যিয়ে অত্যধিক টোপনি অহাৰ প্ৰৱণতাক পৰিচালিত কৰে৷ উল্লেখ্য যে লোহিত ৰক্তকণিকা তথা ডিএনএ উৎপাদনৰ কাৰণে ভিটামিন-বি১২ অপৰিহাৰ্য৷ এই ভিটামিনবিধ স্নায়ুতন্ত্ৰৰ কাৰ্যকাৰিতাৰ বাবেও অপৰিহাৰ্য৷ যেতিয়া আপোনাৰ শৰীৰে পৰ্যাপ্ত মাত্ৰাত ভিটামিন-বি নাপায়, তেতিয়া দেহে ক্লান্তিবোধ কৰে তথা শৰীৰ দুৰ্বলতা বৃদ্ধি পায়৷ সেয়ে শৰীৰে সঠিক পৰিমাণে ভিটামিন-বি১২ লাভ কৰি থাকিলে শৰীৰে সতেজ অনুভৱ হয় তথা পৰ্যাপ্ত মাত্ৰাত টোপনি হয়৷ সেয়ে শৰীৰত ভিটামিন-বি অভাৱ নহ’বলৈ প্ৰচুৰ পৰিমাণে ভিটামিন-বি১২ যুক্ত খাদ্য গ্ৰহণ কৰক৷