এইবিধ গছৰ পাত ঔষধি গুণেৰে ভৰপূৰ

0
90

মধুৰিআমৰ স্বাস্থ্য উপকাৰিতা গুণৰ কথা আমি সকলোৱে জানো৷ মধুৰিআমে আমাৰ শাৰীৰিক বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷ কিন্তু মধুৰিআমৰ পাতৰ গুণাগুণৰ বিষয়ে বহুতেই হয়তো নাজানে৷ জনা মতে মধুৰিআমৰ পাতত প্ৰচুৰ পৰিমাণে ঔষধি উপাদান আছে৷ যিসকলে পেটৰ সমস্যা ভুগিছে, তেওঁলোকে এই সমস্যাৰ পৰা সকাহ পাবলৈ মধুৰিআমৰ পাতৰ ৰস সেৱন কৰিব পাৰে৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে মধুৰিআমৰ পাতে প্ৰাকৃতিক ঔষধ হিচাপে কাম কৰে৷ যিয়ে শৰীৰৰ কোনো ক্ষতি নকৰি শৰীৰক সুস্থ ৰখাত সহায় কৰে৷ মধুৰিআমৰ পাতত এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল তথা এণ্টিইনফ্লেমেটৰি বৈশিষ্ট্য আছে৷ ইয়াৰ উপৰি এই বিশেষ পাতত পলিফেনল, কেৰোটিনয়েড, ফ্লেভোনয়েড তথা টেনিন আদি উপাদান পোৱা যায়, যিবোৰ উপাদান আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়৷ মধুৰিআমৰ পাতত শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে, যি ক্ষতিকাৰক ফ্ৰি ৰেডিকেলক নিউট্ৰেল কৰি ৰাখে৷ এই উপাদানে কেঞ্চাৰৰ কাৰণে দায়ী কোষৰ ক্ষতি তথা নিউটেশ্যনৰ সম্ভাৱনা কমাই ৰাখে৷ মধুৰিআমৰ পাতৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰৰ পৰা মুক্ত হৈ থাকিব পাৰি৷ মধুৰিআমৰ পাতত বিভিন্ন বায়’একটিভ যৌগ থাকে, যিয়ে কেৱল শৰীৰত ছুগাৰ তথা কাৰ্বহাইড্ৰেট শোষণ প্ৰতিৰোধত সহায় কৰে৷ ইয়াৰ লগতে শৰীৰত কেলৰিৰ পৰিমাণ কমোৱাত মধুৰিআমৰ পাত কাৰ্যকৰী৷ যাৰ বাবে খালী পেটত মধুৰিআমৰ পাতৰ ৰস সেৱন কৰিলে শৰীৰৰ ওজন কমাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ প্ৰতিদিনে মধুৰিআমৰ পাতৰ ৰস সেৱন কৰিলে পেটৰ বিভিন্ন সমস্যা যেনে বদহজম, কোষ্ঠকাঠিন্য, গেছ, এচিডিটি আদি কমাই ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here