ঋতুস্ৰাৱৰ ইতি মানেই ৰাত্ৰি সুখৰ অৱসান নহয় : গৱেষণাত গোপন সত্য

0
1

মহিলাসকলৰ মাহেকীয়া বা ঋতুস্ৰাৱ হৈছে জীৱনৰ এটা অংগাংগী প্ৰক্ৰিয়া৷ যি মাধ্যমৰ জৰিয়তে এগৰাকী মহিলাই মাক হোৱাৰ হাবিয়াস পূৰ্ণ হয়৷ প্ৰাকৃতিক এই প্ৰক্ৰিয়া প্ৰতিগৰাকী মহিলাৰ বাবে কাম্য আৰু তেওঁলোকে এই বিশেষ সময়ত জীৱন সম্পৰ্কে অনুভুৱ কৰে৷ এটা বয়সত প্ৰতিগৰাকী মহিলাীৰে এই প্ৰক্ৰিয়া বন্ধ হয় যাক, মেনোপজ বোলে৷ এই সময়ৰ পাছত মহিলা এগৰাকীৰ মাক হোৱাৰ সামৰ্থ্য হেৰুৱাই পেলায়৷ লগতে মহিলাগৰাকীৰ মানসিক-শাৰীৰিক ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন হয়৷ এইখিনিতে বহুতেই ক’ব বিচাৰে যে ঋতুস্ৰাৱৰ ইতি মানেই নিশা যাপনৰ সুখৰ অৱসান বুলি৷ এই সম্পৰ্কে গৱেষণাত পোৱা গৈছে নতুন গোপন সত্য৷ মেনোপজ আৰম্ভ হ’লে জীৱনত আৰু ৰোমাঞ্চ নাথাকে– এই ধাৰণা ভাঙি দিছে সাম্প্ৰতিক এক আন্তৰ্জাতিক গৱেষণাই৷ ইৰানৰ কাজভিন চহৰৰ ২০২২-২৩ বৰ্ষত পৰিচালিত এই গৱেষণাত দেখা গৈছে যে ৬৮ শতাংশৰ ৮৬.প্ত পৰা শতাংশ মহিলাৰ মেনোপজ পৰৱৰ্তী যৌন সমস্যা ভোগ কৰে, অথচ বেছিভাগেই সহায় নাপায়৷ গৱেষণাত অংশ লোৱা পোন্ধৰগৰাকী মেনোপজ পৰৱৰ্তী মহিলাৰ ক্ষেত্ৰত ছজন বিশেষজ্ঞই জনাইছে সমস্যা অকল শৰীৰৰ নহয়, মানসিক চাপ, সাংসাৰিক জঞ্জাল, সমস্যা আৰু সামাজিক নীতি-নিয়মে এই অভিজ্ঞতাক আৰু জটিল কৰি তোলে৷ তথাপি আশাৰ কথা, যিসকলে নিজৰ পৰিৱৰ্তন মানি লৈ সংগীৰ সৈতে খোলাখুলি আলোচনা কৰে, তেওঁলোকৰ জীৱনৰ এক নতুন অধ্যায় আৰু পৱিত্ৰ বান্ধোন তথা ভালপোৱাৰ ৰং বিচাৰি পায়৷ গৱেষণাত কোৱা হৈছে তথ্য, শিক্ষা আৰু সহানুভূতি হ’ব পাৰে এই নীৰৱ সমস্যাৰ মূল সমাধান৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here