প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে প্ৰতি বছৰে অতি গোপনে কেইবা হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে৷ ইয়াৰ লগতে পৰিস্থিতি দিনকদিনে অধিক শোচনীয় হৈ গৈ আছে৷ উত্তৰ গোলাৰ্ধত অত্যধিক গৰমক লৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে অভিলেখৰ সৃষ্টি কৰা গৰমে মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ এক অনুমান মতে, ব্ৰিটেইনত তিনিটা দশকৰ ভিতৰত অত্যধিক গৰম হ’ব পাৰে৷ ই ব্ৰিটেইনৰ তুলনাত অত্যধিক গৰম অঞ্চলত বাস কৰা ৯৭ শতাংশ মানুহৰ কাৰণে নিশ্চিতভাৱে চিন্তাৰ কাৰণ৷ কিন্তু ইতিমধ্যে অধিক ভয়াৱহ হৈ পৰা গ্ৰীষ্মই অচিৰেই এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীসকলে৷ গৰমে অতি গোপনে বহু লোকৰ প্ৰাণ কাঢ়িছে আৰু আৰু আন কোনো প্ৰাকৃতিক দুৰ্যোগতকৈ অধিক লোকৰ মৃত্যুৰ কাৰণ হৈ পৰিছে৷ ইউৰোপত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহত কেইবা হাজাৰ লোকৰ মৃত্যু হৈছে৷ আনহাতে, উন্নয়নশীল দেশবোৰত মৃত্যুৰ সংখ্যা সঠিকভাৱে হিচাপ কৰিৰে গৰমত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বহুত বেছি হ’ব৷ পৃথিৱীত গড় উষ্ণতা বৰ্তমান সৰ্বোচ্চ পৰ্যায়ত আছে আৰু ইয়াতকৈও অধিক ভয়াৱহ পৰিস্থিতিৰ বাবে সকলো সাজু থকা উচিত৷ আমাৰ শৰীৰৰ গৰম সহ্য কৰা এটা সীমা আছে৷ ২০১০ চনত কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, ৩৫ ডিগ্ৰী চেলচিয়াছ বা তাতকৈ অধিক ৱেট বাল্বতকৈ অধিক তাপমাত্ৰা মানুহৰ সহ্যৰ সীমাৰ বাহিৰত৷ মন কৰিবলগীয়া যে ৩৫ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা আমাৰ কাৰণে সৰ্বোচ্চ ৱেট-বাল্ব তাপমাত্ৰা বুলি ধৰা হয়৷ তাপমাত্ৰা ইয়াতকৈ বেছি হ’লে গাৰ ঘাম বাষ্প হোৱাত সমস্যাৰ সৃষ্টি হয় যাৰ ফলত শৰীৰৰ তাপমাত্ৰা বৃদ্ধি পাবলৈ ধৰে আৰু ইয়াৰ ফলত হাইপাৰথাৰ্মিয়া, অৰ্থাৎ অস্বাভাৱিকভাৱে শৰীৰৰ তাপমাত্ৰা বৃদ্ধি পায়৷ এনে অৱস্থাত শৰীৰে যিমান তাপ এৰিব পাৰে তাতকৈ অধিক তাপ শোষণ কৰিবলৈ ধৰে বা সৃষ্টি কৰে৷ এনে অৱস্থা মানুহৰ বাবে বিপজ্জনক হ’ব পাৰে৷ আনহাতে, অত্যধিক গৰমে মানুহৰ জীৱন শৈলীলৈও পৰিৱৰ্তন আনিব আৰু কেৱল ৰাতিহে বাহিৰত কৰা কামবোৰ কৰিব পাৰিব৷ ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে গ্ৰীষ্মৰ সতৰ্কবাণী দিয়া প্ৰণালী বিকশিত কৰিছে৷ ইয়াৰ জৰিয়তে আমাৰ শৰীৰত গৰমে পেলোৱা প্ৰভাৱৰ বিষয়ে জানিব পৰা যাব৷