বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফলত সমগ্ৰ বছৰটোত পৃথিৱীৰ বিভিন্ন স্থানত বতৰৰ চৰম ৰূপ দেখিবলৈ পোৱা গৈছে৷ কিছুমান স্থানত ধাৰাসাৰ বৰষুণ আৰু বানৰ সৃষ্টি হোৱাৰ সময়তে আন কিছুমান স্থানত অভূতপূৰ্ব খৰাংসদৃশ পৰিস্থিতি, গ্ৰীষ্ম প্ৰৱাহৰ দৰে বতৰে তৰপ ৰূপ ধাৰণ কৰিছে৷ বিশ্ব উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তৰ ব্যাপক প্ৰভাৱ পৰিবলৈ লৈছে পৃথিৱীত৷ ইয়াৰ প্ৰভাৱ পৰিছে খাদ্যৰ উৎপাদনতো৷ এটা নতুন অধ্যয়নৰ পৰা জানিব পৰা মতে, উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱৰ্তনৰ ফলত বিশ্বৰ খাদ্য যোগানৰ লগতে ঘেঁহুৰ উৎপাদনতো ভবাতকৈ বহুত বেছি প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে৷ আমেৰিকাৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বিশ্ববিদ্যালয় তথা গৱেষণা প্ৰতিষ্ঠান টাফ্ট্ছ বিশ্ববিদ্যালয়ে কৰা এটা অধ্যয়নত এই কথা প্ৰকাশ পাইছে৷ অধ্যয়নটোত স্পষ্টভাৱে এই কথা কোৱা হৈছে যে ভাৰত আৰু চীনৰ দৰে ঘেঁহু উৎপাদন কৰা দেশবোৰত ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ দেখিবলৈ পোৱা যাব৷ অধ্যয়নটোৰ প্ৰতিবেদনৰ মুখ্য লেখক এৰিন কগলেন ডি পেৰেজৰ মতে, পূৰ্বতে এশ বছৰৰ মূৰত এবাৰ হোৱা গ্ৰীষ্ম প্ৰৱাহ এতিয়া সঘনাই দেখিবলৈ পোৱা গৈছে৷ তেওঁৰ মতে ভৱিষ্যতে এনে ধৰণৰ গ্ৰীষ্ম প্ৰৱাহ অধিক বাৰত দেখিবলৈ পোৱা যাব পাৰে৷