বাহনত ইন্ধন শেষ হ’লে পুনৰ ভৰাব পাৰি৷ পৃথিৱীত থকা সকলো বাহনৰ ক্ষেত্ৰতে এই সুবিধা আছে৷ কিন্তু মহাকাশত উৰি ফুৰা কৃত্ৰিম উপগ্ৰহৰ বাবে এইটো এটা ডাঙৰ সমস্যা৷ ইন্ধন শেষ হোৱাৰ পাছত এই উপগ্ৰহবোৰ বিকল হৈ পৰে৷ এতিয়া আৰু এই সমস্যাৰ বাবে চিন্তা কৰিবলগীয়া নহয়৷ মহাকাশত থকা এই কৃত্ৰিম উপগ্ৰহবোৰত পুনৰ ইন্ধন ভৰোৱাটো সহজ হৈ পৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ পৰা সকাহ দিয়াৰ বাবে মহাকাশত অচিৰেই এটা গেছ ষ্টেচন খোলা হ’ব৷ আন কথাত পৃথিৱীত যান-বাহনৰ ইন্ধনৰ বাবে পেট্ৰল পাম্পৰ দৰে মহাকাশতো কৃত্ৰিম উপগ্ৰহৰ বাবে গেছ ষ্টেচন খোলা হ’ব৷ এই গেছ ষ্টেচনৰ পৰা কৃত্ৰিম উপগ্ৰহবোৰে ইন্ধন ল’ব পাৰিব৷ আমেৰিকাৰ কোম্পানী অৰ্বিট ফেবে কেইদিনমানৰ পাছতে মহাকাশত গেছ ষ্টেচন খুলিব৷ আমেৰিকাৰ ষ্টাৰ্টআপ কোম্পানী অৰ্বিট ফেবৰ চি ই অ’ ডেনিয়েল ফেবাৰে কয় যে ইয়াৰ বাবে মহাকাশলৈ টেংকাৰ ছেটেলাইট প্ৰেৰণ কৰা হ’ব আৰু বিশ্বৰ বিভিন্ন দেশৰ উপগ্ৰহবোৰে ইয়াৰ সংযোজিত হৈ ইন্ধন ল’ব পাৰিব৷ ইয়াৰ ফলত দীৰ্ঘ দূৰত্ব অতিবাহিত হোৱা মহাকাশ যানবোৰৰ সুবিধা হ’ব৷ ইয়াৰ লগতে ইতিমধ্যে ইন্ধন শেষ হোৱা কৃত্ৰিম উপগ্ৰহবোৰ পুনৰ সক্ৰিয় কৰিব পৰা যাব৷ ফলত নতুন উপগ্ৰহ উৎক্ষেপণত হোৱা ব্যয় ৰাহি হোৱাৰ লগতে মহাকাশত আৱৰ্জনাৰ পৰিমাণে যথেষ্ট কমিব৷ মহাকাশত গেছ ষ্টেচন নিৰ্মাণ সন্দৰ্ভত ডেনিয়েলে প্ৰকাশ কৰে যে বৰ্তমান সৰু আকৃতিৰ এটা ষ্টেচন এই দিশত সফল হৈছে আৰু এতিয়া ইন্ধনৰ বাবে ডাঙৰ গেছ ষ্টেচনৰ কাম চলি আছে৷