তালিবান শাসিত আফগানিস্তানত মহিলাৰ অধিকাৰৰ বিৰুদ্ধে চলোৱা কঠোৰ দমনমূলক ব্যৱস্থাৰ আৰু এটা ঘটনা পোহৰলৈ আহিছে৷ আফগানিস্তানৰ তালিবান প্ৰশাসনে দেশখনৰ কিছুমান প্ৰদেশত ১০ বছৰৰ ঊধবৰ্ৰ ছোৱালীসকলক বিদ্যালয়লৈ যাবলৈ নোৱাৰিব বুলি নিষেধাজ্ঞা আৰোপ কৰিছে৷ খবৰ অনুসৰি তালিবান শাসিত শিক্ষা মন্ত্ৰ্যালয়ে গজনি প্ৰদেশত বিদ্যালয়সমূহ আৰু হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ মুৰববীসকললৈ বাৰ্তা প্ৰেৰণ কৰিছে যে ১০ বছৰৰ ঊধবৰ্ৰ ছোৱালীসকলক প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰ অনুমতি দিয়া নহ’ব৷ বাতৰিটোত এইবুুলিও প্ৰকাশ পাইছে যে পূৰ্বতে মহিলা পৰিক্ৰমা মন্ত্ৰ্যালয় হিচাপে পৰিচিত এতিয়াৰ প্ৰচাৰ আৰু নিৰ্দেশনা মন্ত্ৰ্যালয়ে কিছুমান প্ৰান্তৰ বিদ্যালয়সমূহৰ মুৰব্বীসকললৈ অনুৰোধ পত্ৰ লিখি কৈছে যে তৃতীয় শ্ৰেণীৰ পাছত যিকোনো ছাত্ৰীক বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাই পঠিয়াব লাগে৷ উল্লেখ্য যে বিগত বৰ্ষত দেশখনৰ শিক্ষা বিভাগে মহিলাক শিক্ষা প্ৰতিষ্ঠানৰ পৰা নিষিদ্ধ কৰা পদক্ষেপক বিভিন্ন ৰাষ্ট্ৰৰ লগতে ৰাষ্ট্ৰসংঘয়ো তীব্ৰ নিন্দা কৰিছিল৷