উদ্বেগজনক তথ্য : জৰায়ু কেঞ্চাৰৰ কাৰক ডাবৰৰ হেয়াৰ প্ৰডাক্ট

0
225


কৰ্কট ৰোগে বিশ্বতে আলোড়ন কৰি তুলিছে৷ দিনক দিনে এই ৰোগৰ দ্ৰুতভাৱে বিস্তাৰে সকলোকে উদ্বিগ্ন কৰিছে৷ সমগ্ৰ বিশ্বত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ইমানেই বৃদ্ধি হৈছে, যাৰ ফলত চিকিৎসাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে আক্ৰান্ত ব্যক্তিয়ে৷ এই ৰোগ বিস্তাৰৰ কাৰক হিচাপে খাদ্যাভ্যাস, ব্যৱহাৰ্য সামগ্ৰী আদি আছে যদিও শেহতীয়াভাৱে কেঞ্চাৰৰ সৃষ্টিৰ আন এক তথ্যই সৰ্বসাধাৰণৰ আতংকগ্ৰস্ত কৰিছে৷ নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ ছায়েন্সৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ডাবৰৰ চুলিৰ যতনৰ সামগ্ৰী, অৰ্থাৎ হেয়াৰ প্ৰডাক্টৰ পৰা বিশেষকৈ মহিলাসকলৰ জৰায়ুুৰ কেঞ্চাৰ সৃষ্টি মূল কাৰক হিচাপে বিবেচিত হৈছে৷ উক্ত সংস্থাটোৱে ৩৩৫০০ গৰাকী মহিলাৰ ওপৰত অধ্যয়ন চলাই এই কথা নিশ্চিত কৰিছে৷ অধ্যয়নটোৰ পৰা জনা মতে এই মহিলাসকলে ডাবৰ কোম্পানীৰ হেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰি আহিছে৷ এই চুলি পোন কৰা সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছত মহিলাসকলৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু চিকিৎসকৰ কাষ চাপিবলগীয়া হয়৷ এই বিষয়টোৱে পাছলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু পাছলৈ নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ হেল্‌থে হস্তগত কৰি বিষয়টোৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলায়৷ পৰীক্ষাৰ পাছতেই এই হেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰা মহিলাসকলৰ শৰীৰৰ ডিম্বাশয় বা জৰায়ু কেঞ্চাৰৰ ৰোগৰ উপস্থিতি ধৰা পৰে৷ আমেৰিকা আৰু কানাডাত এই কোম্পানীৰ হেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ ফলত মহিলাৰ জৰায়ুত কেঞ্চাৰৰ উপস্থিতি নিশ্চিতি হোৱাৰ পাছতে কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ উল্লেখ্য যে পৰীক্ষা কৰি পোৱা মতে এই প্ৰডাক্টত ফৰ্মেলডিহাইড নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে হৰমন সম্বন্ধীয় কৰ্কট আৰু দীৰ্ঘদিনীয়াকৈ স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here