উদ্বেগজনক তথ্য : অসমত এনিমিয়াত আক্ৰান্ত মহিলাৰ হাৰ বৃদ্ধি

0
268


ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হোৱা বুলি চৰকাৰে ঢাক ঢোল বজালেও শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিবেদনে উদ্বেগজনক তথ্য পোহৰলৈ আনিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উন্মোচিত হৈছে অসমত ৰক্তহীনতা বা এমিনিয়াত আক্ৰান্ত মহিলাৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ অসমত বিগত পাঁচ বছৰৰ ভিতৰত ২০ শতাংশ এনিমিয়াত আক্ৰান্ত মহিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ প্ৰকাশিত তথ্য অনুসৰি ৰাজ্যত ২০১৫-১৬ চনত এমিনিয়াত ভোগাৰ মহিলাৰ হাৰ আছিল ৪৬ শতাংশ৷ আনহাতে ৰাজ্যত ২০২০-২২ চনত ৰক্তহীনতাত ভোগা মহিলাৰ হাৰ অভাৱনীয়ভাৱে ৬৬ শতাংশলৈ বৃদ্ধি পায়৷ সূত্ৰটোৱে সদৰী কৰা মতে বিগত পাঁচ বছৰত সমগ্ৰ ভাৰতবৰ্ষত এমিনিয়াত আক্ৰান্ত মহিলাৰ সংখ্যা অসমৰ পাছতে স্থান লাভ কৰে জম্মু কাশ্মীৰে৷ ২০১৫-১৬ চনত জম্মু কাশ্মীৰত এই হাৰ আছিল ৪৯ শতাংশ, কিন্তু পাঁচ বছৰত এই সংখ্যা ৬৬ শতাংশলৈ বৃদ্ধি পাইছে৷ একেদৰে মহিলাই এনিমিয়াত আক্ৰান্তৰ হাৰ ছট্টিশগড়ত ২০১৫-১৬ চনত আছিল ৪৭ শতাংশ, ২০২০-২১ চনৰ এই হাৰ ৬১ শতাংশলৈ বৃদ্ধি পালে৷ ঠিক একেদৰে ওড়িষা, মিজোৰাম, পশ্চিম বংগ, ত্ৰিপুৰা আদি ৰাজ্যতো অনুৰূপভাৱে এই হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয়৷ দেখা গৈছে যে দেশত ভিতৰতে ৰক্তহীনতাত ভোগা ৰাজ্যসমূহৰ ভিতৰত অসমে শীৰ্ষত অৱস্থান কৰিছে৷ ইয়াৰ বিপৰীতে আকৌ চণ্ডীগড়, লাক্ষাদ্বীপ আদি ৰাজ্যত এই হাৰ হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে৷ এইদৰে অভাৱনীয়ভাৱে মহিলাৰ মাজত এমিনিয়াত আক্ৰান্ত হোৱাটো ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে কি পৰক্ষেপ হাতত লয়, সেয়া গুৰুত্বপূৰ্ণ হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here