ভাৰতত নৱজাতকৰ মৃত্যুৰ হাৰ সৰ্বাধিক বুলি অলপতে প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছিল৷ শেহতীয়াভাৱে ভাৰতবৰ্ষই নিৰ্ধাৰিত সময়ত পূৰ্বে নৱজাতকৰ জন্ম হোৱাৰ আন এক অভিলেখ সৃষ্টি কৰিছে৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এই উদ্বেগজনক খবৰে এতিয়া পুনৰ ভবাই তুলিছে৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে ভাৰতত প্ৰতি দুই ছেকেণ্ডত নিৰ্দিষ্ট সময়ৰ পূৰ্বে সন্তান ভুমিষ্ঠ হয়৷ আনহাতে প্ৰতি চাৰি ছেকেণ্ডত মৃত্যুৰ মুখত পৰে এই অপৈণত শিশু৷ মন কৰিবলগীয়া কথা যে চিকিৎসা বিজ্ঞানৰ মতে গৰ্ভাৱস্থাত ৩৭ সপ্তাহৰ পূৰ্বে গৰ্ভস্থ শিশুৰ জন্ম হ’লে সেই শিশুক নিৰ্ধাৰিত সময়ৰ পূৰ্বে জন্মা বুলি কোৱা হয়৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্য মতে ২০২০ চনৰ হিচাপ মতে এইদৰে জন্মলাভ কৰা শিশুৰ প্ৰায় আধাসংখ্যকেই পাঁচখন দেশত অধিক দেখা গৈছে৷ তাৰ ভিতৰত শীৰ্ষত আৰোহণ কৰিছে ভাৰতে৷ তাৰ পাছত একাদিক্ৰমে পাকিস্তান, নাইজেৰিয়া, চীন আৰু ইথিঅ’পিয়া৷