উদ্বিগ্ন WHO : সমগ্ৰ বিশ্বত কলেৰা ভেকচিনৰ নাটনি

0
167

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ সঞ্চালক প্ৰধান টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে কয় যে সমগ্ৰ বিশ্বত কলেৰাৰ ভেকচিনৰ উদ্বেগজনকভাৱে নাটনি হৈছে আৰু এই ভেকচিনৰ উৎপাদন ততালিকে বৃদ্ধি কৰিবলৈ দেশসমূহলৈ তেওঁ আহবান জনাইছে৷ ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাটোৱে লগতে এইবুলিও কয় যে ২৮ জুলাইলৈ ৪ খন দেশত তিনি লাখ সাত হাজাৰ ৪৩৩ জন লোকৰ কলেৰাত সংক্ৰমণ হৈছিল আৰু ২৩২৬ জন লোকৰ মৃত্যু হৈছিল৷ সংস্থাটোৰ মুৰব্বীজনে লগতে উল্লেখ কৰে যে চাহিদাতকৈ কলেৰাৰ ভেকচিনৰ যোগান যথেষ্ট পৰিমাণে হ্ৰাস পাইছে৷ ১৮ খন দেশক ১০ কোটি ৫০ লাখ ড’জ ভেকচিনৰ প্ৰয়োজন হৈছে৷ আনহাতে ভেকচিন বিচাৰি এই দেশসমূহে যোৱা জানুৱাৰীৰ পৰাই অনুৰোধ জনাই আহিছে যদিও ভেকচিনৰ নাটনিৰ বাবে পৰ্যাপ্ত মাত্ৰাত যোগান ধৰাত ব্যৰ্থ হৈছে৷ এই বছৰ জানুৱাৰীৰ পৰা মে’ৰ ভিতৰত অৰেল কলেৰা ভেকচিনৰ মজুত একেবাৰে শেষ হৈ যায়৷ স্বাস্থ্য সংস্থাটোৰ মুৰববীজনে কয় যে পূব ভূমধ্য সাগৰীয় অঞ্চল, আফ্ৰিকা আৰু দক্ষিণ পূব এছিয়াত কলেৰাৰ প্ৰাদুৰ্ভাৱ আটাইতকৈ বেছি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here