উদ্বিগ্ন বিজ্ঞানী : পৃথিৱী অভিমুখে ৯০টা হাতীৰ সমান বিশালকায় গ্ৰহাণু

0
310

পৃথিৱী অভিমুখে এটা বিশাল আকৃতিৰ গ্ৰহাণু আহি আছে৷ আমেৰিকাত মহাকাশ সংস্থা নাছাই এই কথা প্ৰকাশ কৰিছে৷ বিশাল আকৃতিৰ এই গ্ৰহাণুটো ৬ এপ্ৰিলত পৃথিৱীৰ কাষ চাপিব৷ ৯০টা হাতীৰ সমান এই সৰ্ববৃহৎ গ্ৰহাণুটো যোৱা ১৬ মাৰ্চত আৱিষ্কাৰ কৰা হৈছিল৷ ইয়াৰ নাম দিয়া হৈছে ২০২৩-এফ এম৷ এই গ্ৰহাণুটোৱে পৃথিৱীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে বুলি নাছাই ইতিমধ্যে সতৰ্ক কৰি দিছে৷ ২০২৩-এফ এম প্ৰতি ছেকেণ্ডত ১৫.৯ কিলোমিটাৰ অৰ্থাৎ প্ৰতি ঘণ্টাত ৫৬৮৮০ কিলোমিটাৰ বেগত পৃথিৱীৰ অভিমুখে আহি আছে৷ ইমান বিশাল আকৃতিৰ গ্ৰহাণুটোক বিজ্ঞানীয়ে বহু পলমলৈ দেখা পায়৷ ইয়াৰ কাৰণ হ’ল কিছুমান গ্ৰহাণুত সূৰ্যৰ ৰশ্মি নপৰে আৰু ইয়াৰ ফলত কৃত্ৰিম উপগ্ৰহৰ ৰাডাৰত ই ধৰা নপৰে৷ এই গ্ৰহাণুটোৱে যিকোনো সময়তে ইয়াৰ দিশ সলনি কৰি পৃথিৱীত খুন্দা মাৰিব পাৰে বুলি বিজ্ঞানীসকলে আশংকা ব্যক্ত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here