উত্তৰ ভাৰতত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু ২০ ডিচেম্বৰত তাপমাত্ৰা অধিক মাত্ৰাত হ্ৰাস পায়৷ যাৰ ফলত স্থানীয়সকলে যথেষ্ট ঠাণ্ডা অনুভৱ কৰে৷ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশৰ অধিকাংশ ঠাইত তাপমান শূন্য ডিগ্ৰীৰ তললৈ নামিছে৷ ইফালে ২০ ডিচেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীত এই সময়ত এইপৰ্যন্ত আটাইতকৈ বেছি ঠাণ্ডা পৰে৷ ২০ ডিচেম্বৰত পুৱা দিল্লীত তাপমাত্ৰা আছিল ৩-৪ ডিগ্ৰী চেলচিয়াছ৷ বতৰ বিজ্ঞান কেন্দ্ৰই আগতে কৈছিল যে অহা সপ্তাহপৰ্যন্ত উত্তৰ ভাৰতত নিশাৰ ভাগত তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ কমি গৈ থাকিব৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ১৭-২৪ ডিচেম্বৰলৈ আৰু ২৪-৩০ ডিচেম্বৰলৈ উত্তৰ-পশ্চিম, মধ্য আৰু পূব ভাৰতত তাপমাত্ৰা ১-৬ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত অৰ্থাৎ স্বাভাৱিক অৱস্থাতকৈ কম হ’ব৷ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশৰ দৰে ৰাজ্যত বৰফ পৰাৰ কাৰণে পঞ্জাব, হাৰিয়ানা, দিল্লী আৰু উত্তৰ প্ৰদেশৰ দৰে উত্তৰ ভাৰতৰ ৰাজ্যসমূহত শীতৰ প্ৰকোপ বাঢ়িছে৷ ২০ ডিচেম্বৰত শ্ৰীনগৰত তাপমাত্ৰা আছিল মাইনাছ ৬.২ ডিগ্ৰী চেলচিয়াছ, হিমাচল প্ৰদেশৰ কেলঙত মাইনাছ ১১ ডিগ্ৰী চেলচিয়াছ৷ জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াৰ বাসিন্দাসকলে জুই পুৱাইছে, ঘৰৰ ভিতৰতে সোমাই থাকিব লগীয়া হৈছে৷ আন বহুতে আকৌ চাহ খায়েই সময় পাৰ কৰিছে৷