দেশত কভিড-১৯ৰ ভয়াৱহতাৰ মাজতে আন এক মৰ্মান্তিক খবৰে সকলোকে ভবাই তুলিছে৷ কৰ’নাৰ আতংক শেষ নৌহওঁতেই পশ্চিম উত্তৰ প্ৰদেশত অচিন ভাইৰেল জ্বৰত আক্ৰান্ত হৈ ৭১টি শিশু কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে৷ জানিব পৰা মতে পশ্চিম উত্তৰ প্ৰদেশৰ ফিৰোজপুৰ, মথুৰা, এতাহ, আগ্ৰা আদিত এইধৰণৰ অচিন ভাইৰেল ফিভাৰত শিশুসকল অধিক আক্ৰান্ত হৈছে৷ যোৱা কিছুদিন ধৰি এই অঞ্চলসমূহত ভাইৰেল জ্বৰৰ বিশেষকৈ শিশুসকলৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ এই অচিন জ্বৰত আক্ৰান্ত হোৱা প্ৰথমগৰাকী ৰোগী যোৱা ১৮ আগষ্টত চিনাক্ত হৈছিল৷ চিকিৎসকে এই জ্বৰ প্ৰকৃততে ডেংগু, ভাইৰেল জ্বৰ নে আন কিবা তাক নিশ্চিত কৰিব পৰা নাই৷ যোৱা ৫ ছেপ্টেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অধীনৰ National Centre for Disease Control–ৰ এটা দলে এই অচিন জ্বৰৰ সংক্ৰমণৰ প্ৰকৃত কাৰণ অনুসন্ধানৰ বাবে ফিৰোজপুৰলৈ গৈছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰে অচিন জ্বৰবিধক লৈ অধিক সতৰ্ক হৈ পৰিছে আৰু সকলোকে সাৱধান হ’বলৈ আহবান জনাইছে৷ অহা ৭ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ ফিৰোজপুৰ জিলাৰ প্ৰতি ঘৰে ঘৰে স্বাস্থ্য অভিযান চলোৱা বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে৷