উত্তৰ-পূবৰ ভিতৰতে সকলোতকৈ পৰিষ্কাৰ চহৰ হৈছে গোলাঘাট৷ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা স্বচ্ছ সৰ্বেক্ষণ বঁটা-২০২৩ত উত্তৰ-পূব মণ্ডল শ্ৰেণীত [জনসংখ্যা ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ] প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে গোলাঘাটে৷ আনহাতে দেশৰ ভিতৰতে নগাঁও চহৰে ৩৭৬ স্থান, শিলচৰে ৩৯৫ স্থান, গুৱাহাটী মহানগৰীয়ে ৪০২ স্থান আৰু ডিব্ৰুগড়ে ৪০৮ স্থান লাভ কৰিছে৷ ইফালে দেশৰ ২৭খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে ২০ স্থান৷ এই তালিকাৰ প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ৷ উল্লেখ্য যে পৰিষ্কাৰ মহানগৰৰ তালিকাত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে ইন্দোৰ আৰু ছুৰাট৷