উত্তৰ পালে বিজ্ঞানীয়েচন্দ্ৰপৃষ্ঠত আছে পানীৰ ভাণ্ডাৰ

0
845

জোনবাইৰ বুকুত পানী আছেনে? বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি এই প্ৰশ্নৰ উত্তৰ বিচাৰি আছে৷ এতিয়া এই প্ৰশ্নৰ উত্তৰ বিচাৰি পাইছে বিজ্ঞানীয়ে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে চন্দ্ৰৰ বুকুত কেইবাশ কোটি টন পানী আছে৷ ইমান বৃহৎ পানী সমগ্ৰ চন্দ্ৰপৃষ্ঠত বিক্ষিপ্তভাৱে কাচ সদৃশ গোলা কিছুমানত জমা হৈ আছে৷ ই ভৱিষ্যতে চন্দ্ৰপৃষ্ঠত মানৱ বসতিস্থল স্থাপনত এক বহুমূলীয়া বিশাল ভাণ্ডাৰৰূপে পৰিগণিত হ’ব পাৰে৷ আমি পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ উপৰিভাগ শুষ্ক বুলিয়েই জানো৷ কিন্তু বিজ্ঞানীসকলে চন্দ্ৰত পানী সঞ্চিত হৈ থকা বুলি দাবী কৰি আহিছে৷ বিগত কেইবাদশক ধৰি চন্দ্ৰৰ বুকুত চলোৱা অভিযানৰ পৰা তাত পানী থকাৰ ইংগিত ইতিমধ্যে বিজ্ঞানীসকলে পাইছে৷  প্ৰকাশিত তথ্য মতে চীনে ২০২০ চনত চলোৱা ৰব’টিক চেইঞ্জ-৫ অভিযানৰ সময়ত পৃথিৱীলৈ অনা চন্দ্ৰৰ মাটিৰ নমুনা গৱেষণা কৰাৰ পাছত কাচৰ এই গোলাসমূহৰ ভিতৰত পানীৰ অণু সঞ্চিত হৈ আছে৷ নেচাৰ জিঅ’ ছায়েন্সত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ উল্লেখ্য যে চীনৰ ৰব’টিক চেইঞ্জ-৫ অভিযানে চন্দ্ৰৰ বুকুৰ পৰা প্ৰায় ১.৭ কেজি মাটি সংগ্ৰহ কৰি পৃথিৱীলৈ আনিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here