ইয়াতকৈ কম শুলে মগজুৰ ক্ষতি হ’ব পাৰে

0
22

বৰ্তমান সময়ত বহুতৰ ক্ষেত্ৰতে দেখা যায় যে নিশা এপৰলৈকে মোবাইল টিপি, গান শুনি অথবা মোবাইলতে ব্যস্ত থাকি টোপনি মাৰিবলৈ যেন পাহৰি যায়৷ কিছুৱে নিশা ২-৩ বজালৈকে সাৰে থাকে কেৱল মোবাইল চাই৷ এইটো যেন এটা ফেশ্বনৰ লেখীয়া হৈছে৷ কিন্তু ইয়াৰ ফলাফল কি ভয়াৱহ হ’ব পাৰে, সেয়া হয়তো বিচাৰ নকৰে৷ মানুহৰ জীৱন প্ৰণালীত খোৱা-বোৱা, জিৰণি লোৱা, কাম কৰা আদি সকলোৰে এটা নিৰ্দিষ্ট সময় থাকে আৰু সেই নিৰ্দিষ্ট সময়ত সকলোখিনি কৰ্ম সম্পাদন কৰিলে এটা সুস্থ জীৱনশৈলী তৈয়াৰ হয়৷ ইয়াৰ অন্যথা বিভিন্ন সমস্যা তথা কাৰকে দেখা দিয়ে৷ এটা নিৰ্দিষ্ট সময়ত বা নিৰ্দিষ্ট মাত্ৰাত টোপনি মাৰিলে শৰীৰ সুস্থ তথা নিৰোগী হৈ থাকে৷ সামগ্ৰিক স্বাস্থ্য ৰক্ষাৰ বাবে দৈনিক ৭-৮ ঘণ্টাকৈ টোপন মাৰিলে আপুনি সদায় ফিট হৈ থাকিব৷ মনটো সুস্থ, কাৰ্যক্ষম তথা সবল-শান্ত কৰি ৰাখিবলৈ পৰ্যাপ্ত মাত্ৰাত শোৱাটো খুবেই জৰুৰী৷ এটা সুস্থ মন তথা শৰীৰৰ গৰাকী হ’বলৈ সেয়ে দৈনিক ৭-৮ ঘণ্টা টোপ্‌নি মৰাৰ ৰুটিন প্ৰস্তুত কৰক৷ যিসকল ব্যক্তিৰ শুব গ’লেও বিভিন্ন চিন্তা, উদ্বেগ আদিয়ে হেঁচা মাৰি ধৰা বা কিছুমান বদঅভ্যাস আদিয়ে গঢ় লৈ টোপনিত ব্যাঘাত জন্মায়, তেওঁলোকে তলত দিয়া এই কামবোৰ কৰিবলৈ চেষ্টা কৰক৷
ৰাতি সদায় এটা নিৰ্দিষ্ট সময়ত বিছনালৈ যোৱাৰ অভ্যাস কৰক৷ এইটো আপোনাৰ অভ্যন্তৰীণ ঘড়ী নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷
শোৱাৰ এটা আৰামদায়ক পৰিৱেশ সৃষ্টি কৰক৷ যেনে– আপুনি শোৱা কোঠাটো অলপ শীতল, অন্ধকাৰ বা শান্ত পৰিৱেশ যাতে বিৰাজ কৰে,তালৈ লক্ষ্য ৰাখক৷
টোপনিৰ বাবে বিছনালৈ যোৱাৰ আগতে মোবাইল ফোনটোৰ সংগ এৰক৷ টোপনিলৈ যোৱাৰ অন্তত এঘণ্টাৰ আগেয়ে মোবাইল বা টিভি স্ক্ৰিনৰ পৰা আঁতৰি থাকক৷
টোপনিৰ মাৰিবলৈ যোৱা আগতে অত্যধিক পৰিমাণে খোৱা বা বিছনালৈ যোৱাৰ আগমুহূৰ্তত চাহ-কফি, এলকহল কেতিয়াও সেৱন নকৰিব৷ এইবোৰ পানীয় সেৱনে টোপনিত ব্যাঘাত জন্মাব পাৰে৷
নিয়মিতভাৱে শৰীৰচৰ্চাৰ অভ্যাস কৰক৷ টোপনিৰ মৰাৰ তিনি ঘণ্টামান আগতে শৰীৰচৰ্চা কৰিলে ভাল টোপনি অহাত যথেষ্ট সহায় কৰে৷ মানসিক চাপ বা উদ্বেগ নিয়ন্ত্ৰণ কৰিবলৈ শোৱাৰ আগতে মন শান্ত কৰিবলৈ যোগাসন কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here