ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখা যায়, সম্পূৰ্ণ নিৰাময় নহয়৷ ইমানদিনে এই ধাৰণাই আছিল৷ ৰক্ত শৰ্কৰা বাঢ়ি গ’লে ৰোগীৰ অৱস্থা বুজি খোৱাৰ ঔষধ বা ইনছুলিন দিয়ে চিকিৎসকে৷ কিন্তু এতিয়া এই ধাৰণা সলনি হৈছে৷ গৱেষকে দাবী কৰিছে যে ডায়েবেটিছো এটা সময়ত নিৰ্মূল কৰা সম্ভৱ হৈ পৰিব৷ কাৰণ বাহিৰৰ পৰা এই ৰোগৰ প্ৰতিষেধক ইনছুলিন ইনজেকশ্যন আৰু দিব নালাগে৷ ৰোগৰ ঔষধ তৈয়াৰ হ’ব শৰীৰৰ ভিতৰতে৷ নিজৰ পৰাই ৰোগ নিৰাময় হ’ব৷ খোচা বিন্ধাৰ যন্ত্ৰণা আৰু সহ্য কৰিব নালাগে৷ নিউ ইংলেণ্ড জাৰ্নাল অব মেডিচিনে ডায়েবেটিছৰ নতুন থেৰাপীক লৈ এক গৱেষণা পত্ৰ প্ৰকাশিত হৈছে৷ টাইপ টু ডায়েবেটিছ একেবাৰে নিৰ্মূলৰ চেষ্টা কৰিছে ফ্লৰিডাৰ ইউনিভাৰছিটি অব মায়ামী মিলাৰ স্কুল অব মেডিচিনৰ গৱেষকে৷ ইনছুলিন ইনজেকশ্যনৰ সহায়ত ৰোগ প্ৰতিৰোধৰ দাবীক লৈ চৰ্চিত হৈছে৷ আনহাতে শৰীৰৰ ভিতৰতে ৰোগ প্ৰতিৰোধৰ ঔষধ প্ৰস্তুত হ’ব ইয়াক লৈ কৌতূহলৰ সৃষ্টি হৈছে৷ অগ্নাশয়ৰ বিটা কোষৰ পৰা তৈয়াৰী ইনছুলিন হৰমন ইয়াৰ মূল৷ এই হৰমনৰ ক্ষৰণ কম হ’লে বা বিটা কোষ নষ্ট হৈ থাকিে্ল তেতিয়া শৰীৰত সমস্যাৰ সৃষ্টি হয়৷ ইনছুলিনৰ অভাৱত খাদ্যৰ পৰা পোৱা গ্লুকজ জাৰিত হ’ব নোৱাৰে৷ স্তৰে স্তৰে তেজত জমা হয়৷ তেতিয়া ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে৷ টাইপ ৱান ডায়েবেটিছে ইনছুলিনৰ জন্মদাতা বিটা কোষবোৰ নষ্ট হৈ যায়৷ তেতিয়া বাহিৰৰ পৰা ইনছুলিন ইনজেকশ্যন দি ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখা হয়৷ সেয়ে ৰোগ নিৰাময়ৰ বাবে নতুন পদ্ধতিত হাত দিছে৷ অগ্নাশয়ৰ কোষবোৰক যদি সক্ৰিয় কৰি তোলা হয় বা সেইবোৰক সুস্থ কোষৰ দ্বাৰা প্ৰতিস্থাপিত কৰা হয়, তেনেহ’লে ইনছুলিন হৰমনৰ ক্ষৰণ স্বাভাৱিক থাকিব৷ সেই কাৰণে একধৰণৰ চেল থেৰাপী কৰিছে গৱেষকে৷ গৱেষকে জনাইছে প্ৰথম প্ৰথম সুস্থ মানুহৰ অগ্নাশয়ৰ পৰা ‘আইলেট’ কোষ তুলি সেই কোষ ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰতিস্থাপিত কৰা হৈছে৷ আইলেট হ’ল বহুতো কোষৰ সমষ্টি৷ অগ্নাশয়ৰ অন্তঃক্ষৰা গ্ৰন্থিত থাকে এই কোষবোৰ৷ আলফা, বিটা আৰু ডেল্টা এই তিনিৰকমৰ আইলেট কোষ থাকে৷