ইছৰ’-এ ছহেজাৰ মিটাৰগভীৰতাত চলাব অভিযান

0
260


চন্দ্ৰযান-৩ৰ সফলতা, আদিত্য এলৰ-ৰ উৎক্ষেপণৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই [ইছৰ’] এইবাৰ গভীৰ সমুদ্ৰত অভিযান চলাব৷ পৃথিৱী বিজ্ঞান মন্ত্ৰী কিৰেন ৰিজিজুৱে এই কথা প্ৰকাশ কৰে৷ তেওঁ জনোৱা মতে ইছৰ’ৰ পৰৱৰ্তী অভিযান সমুদ্ৰযান বা মৎস্য ৬০০০৷ এই যানখন চেন্নাইস্থিত নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ অচেন টেকনলজিয়ে তৈয়াৰ কৰি আছে৷ এই যানখনত তিনিজন লোকক সুমদ্ৰৰ ৬ হাজাৰ মিটাৰ গভীৰতালৈ প্ৰেৰণ কৰা হ’ব৷ তেওঁলোকে গভীৰ সমুদ্ৰত সাগৰীয় সোঁত আৰু জৈৱ-বৈচিত্ৰ্যৰ বিষয়ে অধ্যয়ন কৰিব৷ ৰিজিজুৱে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে এই অভিযানে সাগৰৰ পাৰিপাৰ্শ্বিক প্ৰণালীত কোনোধৰণৰ প্ৰভাৱ নেপেলায়৷ এই অভিযানৰ জৰিয়তে লাভ কৰা তথ্যৰ পৰা ভালেমান লোকে সংস্থাপনৰ সুযোগ লাভ কৰিব বুলি তেওঁ লগতে প্ৰকাশ কৰে৷ মন কৰিবলগীয়া যে এইটো ভাৰতৰ প্ৰথম ছাবমেৰিন অভিযান৷ এই অভিযান তিনিজন বিজ্ঞানীয়ে সমুদ্ৰৰ ছহেজাৰ মিটাৰ গভীৰতালৈ গৈ বিশেষ সঁজুলি আৰু চেন্সৰৰ সহায়ত গৱেষণা কৰিব৷ ভাৰতৰ এই অভিযানটোৰ উদ্দেশ্য হ’ল মহাসাগৰৰ অতি গভীৰ অঞ্চলৰ বিষয়ে তথ্য আহৰণ কৰা৷ মন কৰিবলগীয়া যে মহাসাগৰৰ এই অঞ্চলবোৰৰ বিষয়ে কাৰো হাতত বিশেষ তথ্য নাই আৰু থাকিলেই সেয়া একেবাৰে সীমিত৷ এই অভিযানটোৱে গভীৰ মহাসাগৰত থকা নিকেল, কোবাল্ট, মেংগানিজৰ দৰে খনিজৰ তথ্য লাভ কৰাত সহায় হ’ব৷ ইয়াৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ সুযোগ পোৱা যাব৷ এই অভিযানটোত ব্যৱহাৰ কৰিবলগীয়া মৎস্য ৬০০০ নামৰ যানখনৰ বংগোপসাগৰত পৰীক্ষা কৰা হ’ব৷ প্ৰথম পৰীক্ষাত যানখন সাগৰৰ ৫০০ মিটাৰ গভীৰতালৈ প্ৰেৰণ কৰা হ’ব৷ ২০২৬ চনত সমুদ্ৰযানে তিনিজন ভাৰতীয় বিজ্ঞানীক মহাসাগৰৰ ৬ হাজাৰ মিটাৰ তললৈ লৈ যাব৷ ভূভাগৰ পৰা নিয়ন্ত্ৰিত হ’বলগীয়া যানখন যাতে গভীৰ সমুদ্ৰত পানীৰ চাপত নষ্ট হ’ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৮০ মিলিমিটাৰ ডাঠ টাইটেনিয়াম মিশ্ৰিত হৈ থকা ধাতুৰে তৈয়াৰ কৰা হৈছে৷ যানখনে একেৰাহে ১২ ঘণ্টা কাম কৰিব৷ এই অভিযানটোত ৪,০৭৭ কোটি টকা ব্যয় হ’ব৷ মন কৰিবলগীয়া যে কোবাল্ট, লিথিয়াম, তাম আৰু নিকেল বেটাৰীৰ গাড়ীত ব্যৱহাৰ কৰা হয়৷ তীখা উদ্যোগৰ বাবে মেংগানিজ গুৰুত্বপূৰ্ণ৷ ভাৰতত ২০৩০ চনলৈ বৰ্তমানৰ ৫ গুণ লিথিয়াম আৰু চাৰি গুণ কোবাল্টৰ প্ৰয়োজন হ’ব৷ এই অভিযানে ভাৰতৰ ব্লু অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here